অবৈধভাৱে ব্যৱহাৰ কৰা বিদ্যুৎ বিছিন্ন কৰিবলৈ যোৱা কৰ্মচাৰীক প্ৰহাৰ অভিযুক্তৰ
ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সমীপৱৰ্তী নিবাসী কাবুলী অনিল চুতীয়াই ঘৰত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি নিজ সীমাৰ ভিতৰতে গ্ৰীল্ডৰ কাম কৰাই থকা অৱস্থাতে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে গৈ হাতেলোটে ধৰা পেলাই। ইয়াৰ পিছতেই চুতীয়াৰ গ্ৰীল্ড মেচিন, বিদ্যুৎ সংযোগৰ তাঁৰৰ লগতে সজুঁলিসমূহ জব্দ কৰে ৷ এই কাৰ্যক বাধা প্ৰদান কৰোতেই কৰ্মচাৰীক শাৰিৰীকভাৱে প্ৰহাৰ কৰা লগতে তেওঁলোকক তলা লগাই নিজ সীমাৰ ভিতৰতে আৱদ্ধ কৰি ৰখা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
ঘটনাৰ তথ্যত প্ৰকাশ যে ঠিকাদাৰ ৰূপী তথা কাবুলী অনিল চুতীয়াই ময়মতালিৰে বহুদিন ধৰি অবৈধভাৱে ঘৰত বিদ্যুৎ সংযোগ কৰি প্ৰকাণ্ড বাৰীৰ ভিতৰতে গ্ৰীল্ডৰ মেচিন বহুৱাই কাকো কেৰেপ নকৰাকৈ মিস্ত্ৰী লগাই অবৈধ কাৰ্য অব্যাহত ৰাখিছিল ৷ বিদ্যুৎ বিভাগে অবৈধ কাৰ্যৰ তথ্য ভিত্তিত লাইনমেন বলীন সোনোৱাল আৰু সিদ্ধাৰ্থ বুঢ়াগোহাঁইয়ে শুকুৰবাৰে বিয়লিলৈ পৰিদৰ্শন কৰিবলৈ গৈহে ঘটনা পোহৰলৈ আনে ৷
বিদ্যুৎ বিভাগৰ লাইনমেন দুগৰাকীয়ে অবৈধ বিদ্যুৎ সংযোগৰ কাৰণ সোধাত অনিল চুতীয়াৰ পত্নীয়ে তাৎক্ষণিকভাৱে ঘৰৰ গেটখন তলামাৰি আৱদ্ধ কৰাৰ পিছতেই অনিল চুতীয়াই কৰ্মচাৰী সিদ্ধাৰ্থ বুঢ়াগোহাঁইক শাৰীৰিকভাৱে প্ৰহাৰ কৰে৷ তাৎক্ষণিকভাৱে ফোনযোগে বলীন সোনোৱালে বিভাগৰ সহকাৰী মহা প্ৰৱন্ধকক সুনিল পেগুক বিষয়টো অৱগত কৰাত তেওঁ পুনৰ আন দুজন কৰ্মচাৰী বিদ্যৎ বিভাগৰ সংমণ্ডল ৰেভিনিউ মেনেজাৰ হেমন্ত শইকীয়া আৰু কৰ্মচাৰী যোগেন বৰগোহাঁইৰ সৈতে বিষয়টোৰ সৰ্ম্পকে অৱগত হোৱা বাবে পঠিয়াইছিল যদিও অনিল চুতীয়াই সেই দুজনকো গেটৰ ভিতৰতে আৱদ্ধ ৰাখি সংমণ্ডল ৰেভিনিউ মেনেজাৰ হেমন্ত শইকীয়াকো শাৰীৰিকভাৱে প্ৰহাৰ কৰি আৱদ্ধ কৰি থয়৷
উপায়ন্তৰ সহকাৰী মহাপ্ৰবন্ধক পেগুৱে শেষত নিজে থানাৰ পৰা আৰক্ষী লৈ গৈ চাৰিজনকে উদ্ধাৰ কৰি আনিবলগীয়া অৱস্থা হয় ৷ বিদ্যৎ বিভাগৰ সংমণ্ডলৰ অভিযন্ত্ৰা অংকুৰ শইকীয়াই ঘটনাৰ সবিশেষ বৰ্ণনা কৰি ধেমাজিৰ সদৰ আৰক্ষী থানাত কাবুলী অনিল চুতীয়া ওপৰত এজেহাৰ দাখিল কৰে৷ আৰক্ষীয়ে চুতীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ১২৭(২)/৩০৩(২)/১৩২ BNS ধাৰাত ১৫৪/২০২৪ নম্বৰত গোচৰ ৰোজুৰ কৰিছে যদিও এই মূহুৰ্ত্তলৈকে কাবুলী চুতীয়াক গ্ৰেপ্তাৰ কৰা নাই ৷ ইফালে বিদ্যুৎ বিভাগৰ চাৰিজনকৈ বিষয়া কৰ্মচাৰীয়ে চৰকাৰী কৰ্তব্যত যাওঁতে এনেদৰে ভিতৰত আৱদ্ধ কৰি শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাই বিভাগটোৰ কৰ্মচাৰীসকলৰ লগতে জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷