২১ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ ৫৪ সংখ্যক ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনঃ কাৰ্যালয় মুকলি

অহা ২১ পৰা ২৩ এপ্ৰিললৈকে তিনি দিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হ’বলগীয়া ঐতিহ্যমণ্ডিত ৫৪ সংখ্যক ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ অস্থায়ী কাৰ্যালয় আজি মুকলি কৰা হয়।

author-image
Asomiya Pratidin
New Update
২১ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ ৫৪ সংখ্যক ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনঃ কাৰ্যালয় মুকলি

ডিজিটেল সংবাদ, ধেমাজিঃ অহা ২১ পৰা ২৩ এপ্ৰিললৈকে তিনি দিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হ ঐতিহ্যমণ্ডিত ৫৪ সংখ্যক ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলন। এই উপলক্ষে সোমবাৰে বিয়লি ৩ বজাত ধেমাজি কাছাৰী ময়দানত অস্থায়ীভাৱে সাজু কৰা বিহু সন্মিলনৰ কাৰ্যালয় ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলন উদযাপন সমিতিৰ সভাপতি মনোজ কোঁৱৰে ৷

Advertisment

এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনৰ আঁতধৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সম্পাদক দেৱজিৎ দাসে৷ উদযাপন সমিতিৰ সভাপতি মনোজ কোঁৱৰে পৰিচালনা কৰা সভাখনত ধেমাজি জিলা পৰিষদৰ উপ কাৰ্যবাহী বিষয়া নবীন কামান, ধেমাজি পৌৰসভাৰ উপ-পৌৰপতি বিপ্লৱ কোঁৱৰ,  জ্যেষ্ঠ ব্যক্তি ৰবি গগৈ, বুদ্ধেশ্বৰ কোঁৱৰ,  ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ স্থায়ী সভাপতি ঘনকৃষ্ণ বৰগোহাঁই,  সম্পাদক মনোজ গগৈ, পংকজ বৰগোহাঁই, মাধুৰ্য বুঢ়াগোঁহাই, মুক্তা দিহিঙীয়া, প্ৰণৱ হাজৰিকা, ৰনজিৎ চেতিয়া, সতীশ বৰুৱা আৰু ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা প্ৰমুখ্যে বহুকেইগৰাকী ব্যক্তি আৰু ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকে৷ 

এইবাৰ ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনে প্ৰথম বাৰৰ বাবে জনগোষ্ঠীয় কৃষ্টি দলৰ প্ৰতিযোগিতা , বিভিন্ন বিহু সা-সজুঁলিসমূহকে ধৰি বাপতিসাহোন ৰঙালী বিহুৰ আপুৰুগীয়া পৰম্পৰাগত সামগ্ৰীকেলৈ আকৰ্ষণীয় এটি বিহুৰ বাকৰিআৰু ধেমাজিক প্ৰতিনিধিত্ব কৰা অসমৰ অনবদ্য সমাজ জীৱনলৈ  বিশেষভাৱে বৰঙনি আগবঢ়োৱা এগৰাকী বিশেষ ব্যক্তিক এটি বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাই

তিনিও দিনৰ কাৰ্যসূচীতে সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছে৷  

ৰঙালী বিহু ধেমাজি