ধেমাজিত "শিক্ষক সমাৰোহ- ২০২৩" আৰম্ভ...

শুকুৰবাৰৰে পৰা দুদিনীয়াকৈ ধেমাজিত ৰাজহুৱা প্ৰেক্ষাগৃহত উত্তৰণ পোহৰৰ দিশে এখোজ শীৰ্ষক শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠান..

author-image
Asomiya Pratidin
New Update
ধেমাজিত "শিক্ষক সমাৰোহ- ২০২৩" আৰম্ভ...

ডিজিটেল সংবাদ, ধেমাজি : শুকুবাৰৰ পৰা দুদিনীয়াকৈ ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আৰু প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সহযোগিতাত পোন প্ৰথমবাৰৰ বাবে ধেমাজি জিলাত “উত্তৰণ-পোহৰৰ দিশে এখোজ” শিক্ষক সমাৰোহ ২০২৩ শীৰ্ষক বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ অনুষ্ঠান আৰম্ভ হয় ৷

Advertisment

এই সমাৰোহৰ প্ৰথম দিনা বিয়লি ১.০০ বজাত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভণি কৰে ৷ বিয়লি ১.১৫ বজাত মণ্ডল সমল কেন্দ্ৰ সমন্বয়ৰ সকলৰ সমৱেত সঙ্গীতেৰে মঞ্চ মুকলি কৰে ৷ বিয়লি ১.৩০ বজাত প্ৰথম দিনা প্ৰতিযোগিতাৰ উদ্ধোধন কৰে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক ও ভাৰপ্ৰাপ্ত ধেমাজি জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কবিতা ডেকাই।

বিয়লি ১.৪৫ বজাত সমৱেত সঙ্গীত প্ৰতিযোগিতা হোৱাৰ পিছতেই বিয়লি ৪.০০ বজাত সদনৰ মতে “ষষ্ঠ শ্ৰেনীৰ পৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথিত ইংৰাজী ভাষাৰ ব্যৱহাৰে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণত অভূতপূৰ্ব অৰিহণা যোগাব ” শীৰ্ষক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

সন্ধিয়া ৬.০০ বজাৰলৈ একক অভিনয় প্ৰতিযোগিতাৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি পৰে ৷ দুদিনীয়াকৈ অনুষ্ঠিত কৰা সমাৰোহত সমৱেত সঙ্গীত প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, একক অভিনয় উপৰিও ভেশচন, ভূপেন্দ্ৰ সঙ্গীত, ঠাইতে লিখা সাহিত্য, আকস্মিক বক্তৃতা আৰু পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷

জিলাখনৰ শতাধিক শিক্ষকে এই সমাৰোহত অনুষ্ঠিত কৰা প্ৰতিযোগিতা সমূহৰ জৰিয়তে শিক্ষক সকলৰ প্ৰতিভা সমূহক এক সামূহিক মঞ্চৰ জৰিয়তে আগবঢ়াই নিয়াৰ এক প্ৰচেষ্টা বুলি সদৰী কৰে জিলা বিদ্যালয় সমূহৰ মুৰব্বী শিক্ষা বিষয়া কবিতা ডেকাই ৷

Also Read: শিৱসাগৰ আৰক্ষীৰ জালত বাইক চুৰি কাণ্ডৰ দুই অভিযুক্ত...

education department of assam