/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/c810wgyc/web 5.png)
ডিজিটেল সংবাদ,ধেমাজিঃ মাছখোৱা উন্নয়ন খণ্ডৰ অধীনৰ বেঙেনাগড়া অঞ্চলৰ দক্ষিণ ডুমকটা গাঁৱত শুকুৰবাৰে নিশা খাদ্যত বিষক্ৰিয়া হৈ বহু লোক অসুস্থ হয়। গাঁওখনত হোৱা বছেৰেকীয়া নাম প্ৰসংগৰ অনুষ্ঠানত বুটমাহ খাই এতিয়ালৈকে অঞ্চলটোৰ দুই শতাধিকতকৈ অধিক লোক চিকিৎসাধীন হবলগীয়া হৈছে ৷
জানিব পৰা মতে নাম প্ৰসংগ অনুষ্ঠানৰ পিছত নিশা প্ৰায় ১২ বজাত ৰাইজে বুটমাহৰ প্ৰসাদ খায়। নাম ঘৰৰ পৰা প্ৰসাদ খাই ঘৰলৈ যোৱা পিছৰ পৰাই জ্বৰ,বমি,মূৰ-বিষ,পায়খানা আৰু পেটৰ বিষত হাহাকাৰ অৱস্থা হয়৷
অসুস্থ একাংশ লোকক নিশা ততাতৈয়াকৈ চিচি মডেল হাস্পতালত আৰু আন একাংশক ধেমাজি অসামৰিক চিকিৎসালয়ৰলৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে মাছখোৱা আৰু ধেমাজিৰ দুয়ো স্থানতে মুঠ দুই শতাধিকতকৈ অধিক লোক চিকিৎসাধীন হৈ আছে ৷
জিলাৰ জ্যেষ্ঠ চিকিৎসক ডাঃ যোগেন দাসৰ পৰা পোৱা তথ্য মতে ইতিমধ্যে ১৫১ জনকৈ লোক চিকিৎসাধীন হৈ আছে যদিও বৰ্তমানে ধেমাজি অসামৰিক চিকিৎসালয়ত ৩ ৰ পৰা ৬ বছৰীয়া শিশুৰ সংখ্যা ৭। লগতে ৪ গৰাকী গৰ্ভৱতী মহিলাসহ মুঠ ৫০ গৰাকীতকৈ অধিক লোক চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে, ৰোগী কেইজন বৰ্তমান সংকটমুক্ত ৷
Also Read: অতিপাত ডেঞ্জাৰ: অভেৰীৰ কেঞ্চাৰ…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us