/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6175fd1b-fc58-4d8e-b5bf-844cc227c102/55.jpg)
ডিজিটেল সংবাদ ,ধেমাজি : অৰুণাচলৰ পাহাৰত ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ ফেনে-ফুটুকাৰে বাঢ়ি আহিছে জীয়াঢল নৈৰ জলপৃষ্ঠ। নৈখনৰ বানৰ ফলত চমৰাজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাত ১ফুটপৰ্যন্ত পানী উঠিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/2acac8af-8e3d-4949-9f4b-6a72e825128a/08f8c49d-6bb0-4be1-b068-a82509d39eeb.jpg)
পানী জমা হোৱাৰ ফলত পথছোৱাৱেদি যাতায়াতৰ ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। এই সময়তে বৃহস্পতিবাৰৰ পৰা অসম-অৰুণাচলৰ সীমান্তৱৰ্তী লক্ষীপথাৰ ,মৰিধল দিশত থকা ৰাই নদী ,মিছামাৰী , বালিচৰী আৰু বৰাজানৰ চাৰিখন নদীৰ বাঢ়নী পানীয়ে এতিয়াও সংহাৰী ৰূপ ধাৰণ কৰিছে ৷
তথ্যমতে অৰুণাচলৰ পাহাৰৰ আৱদ্ধ পানী হঠাতে নামি অহাৰ ফলত ধেমাজি ৰাজহ চক্ৰটোৰ অন্তৰ্গত মৰিধল, লক্ষীপথাৰ, গোহাঁই এই ৩খন গাঁও পঞ্চায়তৰ প্ৰায় ৩৬ খন গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ সন্ধিয়া পৰ্যন্ত পানী বাঢ়ি থকাৰ ফলত গাঁৱকেইখনৰ হাজাৰ হাজাৰ লোকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা লগতে লোকসকল এতিয়া ওখ ঠাই অথবা মথাউৰিত আশ্ৰয় লৈ আছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/60ebe45b-7a15-425c-8de8-a33432b14852/8ccab145-f032-4757-8d92-4f7848a8b514.jpg)
আনহাতে বিগত বৰ্ষত ধেমাজি জলসম্পদ বিভাগে ৰাইজৰ দাবীক আওকাণ কৰি ৰাজনৈতিক হস্তক্ষেপত গাইনদীখনৰ সম্পৰ্ক বিপৰীত দিশত পানী পঠিয়াবৰ বাবে চেনেলকাটিং কৰি দিছিল। ফলত উক্ত দিশে নদীখনৰ বাঢ়নী পানী সোমাই ধেমাজি গোহাঁই পঞ্চায়তৰ আমগুৰি, মাজৰচুক ,২ নং ঘিলাগুৰি ,বামগাওঁ , ৩ নং ঘিলাগুৰি ,১ নং বৰাচিৰা ,২ নং বৰাচিৰাকে ধৰি গোহাঁই আৰু মৰিধল পঞ্চায়ত দুখনৰ বহুকেইখন গাঁও বানত ডুব যাব লগা হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e664ca1f-f7b3-4141-b2c6-592d8a62f8be/c40e7744-9e4b-4f99-9c35-a919490d596a.jpg)
উল্লেখ্য যে বৃহস্পতিবাৰে কাহিলি পুৱা হোৱা সংহাৰী বানত মৰিধল পঞ্চায়তৰ মৰিধল মিৰি ,মৰিধল কৈৰ্বত্ত আৰু মৰিধল হাঁহচৰা তিনি গাঁৱৰ ১৮৪ জন বানাক্ৰান্ত লোকক জিলা প্ৰশাসনে মৰিধল মহাবিদ্যালয়ৰ আশ্ৰয় শিৱিৰত ৰখা ব্যৱস্থা কৰিছে ৷ বিয়লি জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকসকলৰ খা- খৱৰ লয় ৷
জানিব পৰা মতে চাৰি নদীৰ বাঢ়নী পানীয়ে লক্ষীপথাৰ পঞ্চায়তৰ ৬ঠাইত গড়কাপ্তানি পথৰ ৰাস্তা আৰু মৰিধলৰ এঠাইত ৰাস্তা ছিগি ছিন্ন-ভিন্ন কৰে। লগতে এতিয়াও নদীকেইখনৰ পানী বাঢ়ি থকাৰ ফলত হাজাৰ হাজাৰ বানাক্ৰান্তই ঘৰ বাৰী এৰিব লগা অৱস্থা হৈছে ৷
Also Read: বাক্সাৰ মৰা পাগলাদিয়া-দিৰিং নৈৰ ওপৰত আজিও নিৰ্মাণ হৈ উঠা নাই স্থায়ী দলং