/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/819da82e-b462-4b83-8ab5-2c92e91ebf7a/dhemaji_14.jpg)
শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিত বিদ্যালয়ৰ দূৰৱস্থাঃ বৰষুণ দিলেই পানী সোমাই শ্ৰেণী কোঠাত...
ডিজিটেল সংবাদ ধেমাজিঃ উন্নয়নৰ ঢাকঢোল বজাই চৰকাৰী বিজ্ঞাপনৰ নামত লাখ লাখে ধন শৰাধ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ খোদ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টিতেই এখন চৰকাৰী বিদ্যালয়ৰ পুতৌলগা অৱস্থাই এতিয়া সকলোৰে চকু কপালত তুলিছে ৷ উল্লেখ্য যে, ধেমাজি সমষ্টি অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়াঢল চাৰিআলিৰ কাষতে আছে এইখন বিদ্যালয় ৷
ধেমাজিৰ জীয়াঢল চাৰিআলিত প্ৰথমে ১৯৭২ চনত স্থাপন হোৱা জীয়াঢল চাৰিআলি প্ৰাথমিক বিদ্যালয়খনৰ সৈতে ১৯৮২ চনত স্থাপন কৰা হয় উচ্চ প্ৰাথমিক আৰু ১৯৯৩ চনত স্থাপন কৰা হয় উচ্চ মাধ্যমিক বিদ্যালয় ৷ যোৱা ২০১৭ চনত এই তিনিখন বিদ্যালয় একত্ৰিকৰণ কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6423f159-3179-4af7-93e7-1f141e150673/4f990c56_3bf1_4f29_9495_fa63e88a1cc1.jpg)
একত্ৰিকৰণ কৰা জীয়াঢল চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়খনে ২০১৩ চনত চৰকাৰী ভাৱে স্বীকৃতি লাভ কৰে ৷ ইয়াৰ পৰবৰ্তী পৰ্য্যায়ত ২০১৮ চনত পুনৰ ধেমাজি চেঙেলীপথাৰ মজলীয়া বিদ্যালয়খনি জীয়াঢল উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিকৃত কৰা হয় ৷
ধেমাজিৰ শিক্ষাখণ্ডৰ অন্তৰ্গত জীয়াঢল চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়খন এতিয়া পানী হলেই বন্ধ হৈ পৰে পাঠদান ৷ কেতিয়াবা হঠাতে হোৱা পানীৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলে আহিব নোৱাৰে সময়তে বিদ্যালয়লৈ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a298fa03-6f5e-4f93-91a3-6b6af0c7203a/66de95c7_1ee0_41c1_b718_41cba8af3b0f.jpg)
বিদ্যালয়ৰলৈ আহিলেই আকৌ পানীত তিতি থকা ভাগেই শ্ৰেণীত বহিব লাগে ছাত্ৰ - ছাত্ৰীসকলে ৷ অতি গুৰুত্বপূৰ্ণ কথা হৈছে যে পাহাৰত বৰষুণ দিলেই জীয়াঢল নদীৰ কাংকু সুঁতিয়েদি বানপানী বাঢ়ি আহিলেই চেঁচাসৰ ফালে আহি বিদ্যালয়খনত পানী সোমায় হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে৷
একেদৰে এই বান পানীৰ বাবেই বিদ্যালয়খনৰ শৌচাগাৰ-প্ৰসাৱগাৰ আৰু দমকল বতৰ্মানেও পানীৰ তলত আছে ৷পানী বাঢ়ি আহিলেই বিদ্যালয়খনত নাথাকে শৈক্ষিক পৰিৱেশ ৷ এনে অৱস্থাৰ মাজতেই কৰ্তৃপক্ষই কণ কণ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শাখাৰ এটা গৃহত একে ঠাইতে গোটাই পঢ়োৱাৰ ব্যৱস্থা কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/742f46ec-5a33-4bd1-8131-44f4718f21ca/da62696e_999d_4ffb_9a5b_f2e9ee5ee577.jpg)
বাৰিষাৰ দিন আহিলেই বিদ্যালয়ৰ পাঠদান কৰা বাবে ব্যাপক অসুবিধা লগতে চৌপাশে মাথোঁ পানী আৰু পানীয়ে উপচি পৰে ৷ উল্লেখ্য যে, বিদ্যালয়খনৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সৰ্ব্বমুঠ ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত আছে ১৬ জনকৈ শিক্ষক-শিক্ষয়িত্ৰী ৷
ধেমাজিৰ শিক্ষাখণ্ডৰ অন্তৰ্গত জীয়াঢল চাৰিআলিৰ চৰকাৰী শিক্ষানুষ্ঠানখনি স্থানীয় ৰাইজ, ছাত্ৰ - ছাত্ৰী, অভিভাৱক আৰু শিক্ষক সমাজে তৎকালীনভাৱে উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে যদিও শিক্ষা মন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে কোনো গুৰুত্বৱে দিয়া নাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bbef2ae3-77f2-412d-92d1-b656f6daa69d/a63ba203_9d9a_4409_9cec_54ae3e9b981a.jpg)
ইফালে বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰীয়ে শিক্ষামন্ত্ৰী মহোদয় আপুনি এবাৰ আহি আমাৰ বিদ্যালয়খনি চাই যাওঁক, আমি কেনেদৰে শিক্ষা গ্ৰহণ কৰি আছো, আমাৰ বিদ্যালয়খনি মাটি উঠাই ওখ কৰি দিয়ক বুলি বিদ্যালয়ত উপস্থিত হোৱা সাংবাদিকৰ সন্মুখতে শিক্ষামন্ত্ৰীলৈ অনুৰোধ জনায় ৷
Also Read: 'মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক' আৰু 'মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক' ঘোষণা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us