/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/be48e80c-1789-431a-9406-9ad6ca1dd68c/Kishan.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজিৰ জীয়াঢলৰ বাঢ়নী পানীয়ে আজিও জিলাখনৰ বহু গাওঁ জলমগ্ন কৰি ৰাখিছে৷ বিগত দুদিন ধৰি ভজোগাঁৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে পানী বাগৰি থকা ফলত ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ যাতায়াত বিঘ্নিত হৈ পৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/bc35f0c0-4d67-4cc9-b56d-98ba572788bd/f83eddb6_5477_45e3_a13d_067227a2fb51.jpg)
শনিবাৰৰ পুৱাৰে পৰা অৰুণাচলৰ আদি পাহাৰত বৰষুণৰ পৰিমাণ কমি অহা লগে লগেই জীয়াঢল আৰু কুমতীয়া নদীৰ বাঢ়নী পানীও ক্ৰমান্বয়ে কমিবলৈ ধৰিছে। ফলত শনিবাৰৰ পুৱাৰে পৰা পুনৰ যানবাহনৰ চলাচল কৰিবলৈ জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰে ৷ আনহাতে দুপৰীয়া ভাগত বানবিধস্ত ভজোগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীৰ সৈতে জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে পৰিদৰ্শন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/081aa3cd-e7a8-4568-9263-fc277bae70a2/2bac9c11_36bd_470f_b8d4_7507b6e37de0.jpg)
চলিত বৰ্ষতেই ৫বাৰকৈ জীয়াঢলৰ বাঢ়নী পানীয়ে বিধস্ত কৰা ভজোগাঁৱত মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ধেমাজি জিলা প্ৰশাসনক সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে ৷ ইপিনে জীয়াঢলৰ বানে জলমগ্ন কৰা অংশত মন্ত্ৰীগৰাকীয়ে এটা কালভাৰ্ট দিয়াৰো পোষকতা কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7264d358-b0a5-40c0-808e-b2b6950b4a7d/b54212d7_1851_49ba_b244_01070acb8216.jpg)
ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে জীয়াঢলৰ বাওঁপাৰৰ মথাউৰি অংশ পৰিদৰ্শন কৰি উক্ত স্থানত হ'ব লগা ছ্ল্যুইছগ্ৰেট শীঘ্ৰেই নিৰ্মাণ কৰি উলিয়াবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে ৷
Also Read: অসমৰ ৰাজনীতিত হঠাৎ মূল্যহীন হ'ল ফনী শৰ্মা