/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/acee4412-4203-405a-85e3-b8bcb8a5b2af/oiio.jpg)
ডিজিটেল সংবাদ ,ধেমাজি : ধেমাজিত বানৰ তাণ্ডৱ। বিচ্ছিন্ন হোৱাৰ দিশে ধেমাজিৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ ৷ যিকোনো মূহুৰ্তত যাতায়ত বিঘ্নিত হোৱাৰ আশংকা ৷
নেৰা নেপেৰা বৰষুণৰ ফলত জীয়াধলৰ পানীয়ে পুনৰ বুৰালে ধেমাজিৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০০ মিটাৰৰো অধিক অংশ ৷ জীয়াধলৰ বাঢ়নী পানীয়ে জীয়াধল মিছং - জীয়াধল দিহিৰী - হেঁচুলি - কেঁকুৰি - ডুলুংকান - ঘেয়াৰী - চেঁচা শালমাৰী - গৰৈমাৰী - ভজো গাওঁ আদি বিস্তিৰ্ণ অঞ্চলৰ হাঁহাকাৰৰ সৃষ্টি কৰিছে ৷
শ শ হেক্টৰ কৃষি ভূমি বুৰাই পেলাইছে জীয়াধলৰ বানে ৷ গতিকে এনে পৰিস্থিতিত যাতায়ত বিঘ্নিত হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰপোৰি আৰু ৰাজ্যৰ বহু জিলাত বানে কিছু জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱণা আছে।
Also Read: দিল্লী আধ্যাদেশৰ স্পষ্ট বিৰোধিতা কংগ্ৰেছৰ, সমৰ্থন কৰিব কেজৰিৱালক