/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8a328d25-045c-4de5-957b-1f2da2fb67da/Encounter.jpg)
ধেমাজি বঙালমাৰীত এনকাউণ্টাৰ ঘটনা ।
আৰক্ষীৰ গুলীত আহত এটা দুৰ্ধৰ্ষ ডকাইত।
আৰক্ষীক আক্রমণ কৰি পলায়ন কৰোতে গুলীবিদ্ধ কৰা হয় ডকাইতটোক।
আহত ডকাইতটোৰ নাম কেশৱ নাথ।
৪ মে’ত চুকাফা নগৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত আছিল কেশৱ নাথ।
বৰ্তমান ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ডকাইতটো।
উল্লেখ্য যে, ডকাইত কেশৱ নাথে ডকাইটি কাণ্ডত ব্যৱহাৰ কৰা পিষ্টলৰ সম্ভেদ দিবলৈ আৰক্ষীৰ দলটোক লৈ গৈছিল বঙালমাৰীলৈ।
পিষ্টলটো আৰক্ষীক চমজাই দিয়াৰ চলেৰে আৰক্ষীক গুলীয়াবলৈ উদ্যত হৈছিল ডকাইতটো।
যাৰ বাবে আৰক্ষীয়ে ডকাইতটোক গুলীবিদ্ধ কৰিবলৈ বাধ্য হয়।
Also Read: নান্দনিক! কাজিৰঙাত শুভ্ৰতাৰ দলিছা...