/asomiyapratidin/media/media_files/2025/04/23/rZyaJd8ZkLGfDzfvB8Dz.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত মঙলবাৰে জিলাখনৰ ক্ৰীড়া উন্নয়নৰ সম্পৰ্কে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ ৰনোজ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি ক্ৰীয়া সন্থাৰ সাধাৰণ সম্পাদক যতীন বুঢ়াগোহাঁইয়ে৷
উদ্দেশ্যে ব্যাখ্যাত সম্পাদকগৰাকীয়ে ধেমাজি জিলাখনৰ বিভিন্ন ক্ৰীড়া দিশৰ উন্নয়নৰ সম্পৰ্কে আলোচনা কৰিবলৈ সভাখনি অনুষ্ঠিত কৰা বুলি অৱগত কৰে৷ ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য সদস্য সচিব টংকেশ্বৰ সোণোৱাল, জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ হাজৰিকা, ধেমাজি ব্যৱসায় সন্থাৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁই, লিকাবালি মহিলা ফুটবল টিমৰ সংগঠক জগন্নাথ বাবা, অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক মহেন্দ্ৰ গগৈ, ফুটবল খেলৰ সংগঠক মনোজ পেগু, সাংস্কৃতিক কৰ্মী ৰূপজ্যোতি দত্ত, আটাছুৰ উপ-সভাপতি মনোজ গগৈ আৰু ধেমাজি প্ৰমোদ ভৱনৰ সম্পাদক নিলাম্বৰ দত্তই জিলাখনৰ বিভিন্ন ক্ৰীড়া দিশত থকা সামগ্ৰিক সমস্যাসমূহ আৰু উন্নয়নৰ সম্পৰ্কে বক্তব্যত দাঙি ধৰে৷
একেদৰে জিলাখনৰ বেডমিণ্টনত খগেন কছাৰী, ভলীবলত গোবিন গগৈ, কাবাদীত লোচন তামুলী, জুডোত বিনোদ দেউৰী, ভাৰত্তোলনত ধৰ্মেন্দ্ৰ কছাৰী আৰু যোগত ফুলেন দাসকে ধৰি বিভিন্ন খেলুৱৈ সকলে উক্ত খেলসমূহত হৈ থকা সমস্যা আৰু অভাৱৰ সম্পৰ্কে মুকলিকৈ সন্থাৰ সভাপতি তথা মন্ত্ৰীগৰাকীৰ আগত ব্যক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷ ইফালে ৰাইজ আৰু খেলুৱৈসকলে অৱগত কৰা সমস্যাসমূহৰ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে বিষয়টো বক্তব্যত গভীৰভাৱে অনুধাৱন কৰে৷
বক্তব্যত মন্ত্ৰীয়ে খেলসমূহৰ সংগঠকসকলৰ ওপৰতে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে৷ যি কোনো বিভাগৰ খেলৰ দিশ এটা আগবঢ়াই নিয়া ক্ষেত্ৰত সংগঠক সকলৰ ওপৰতে নিৰ্ভৰ কৰে৷ সেইয়ে বিভিন্ন বিভাগৰ খেলসমূহ আগবঢ়াই নিয়া ক্ষেত্ৰত আগভাগ ললে নিশ্চয়ভাৱে ক্ৰীড়া দিশটো আগবাঢ়ি যাব বুলি তেওঁ অৱগত কৰে৷
ধেমাজি জিলাতো বিভিন্ন স্থানত বহুতো তেনে প্ৰতিভা সম্পন্ন খেলুৱৈ আছে৷ সংগঠকসকলৰ একাগ্ৰতা থাকিলে সেই খেলুৱৈসকলক উলিয়াই আনিব পৰা হ'ব৷ সেয়ে মন্ত্ৰীয়েখেলৰ সংগঠকসকলক সদায় আগবাঢ়ি আহিবলৈ আহবান জনায়৷
মন্ত্ৰীয়ে বক্তব্যত অন্যান্য খেলৰ উপৰিও বক্সিং, নাওখেল ইত্যাদি খেলৰ বিষয়েও গুৰুত্ব আৰোপ কৰিবলৈ সকলোকে আহ্বান জনায়৷ ইফালে অহা নৱেম্বৰ মাহৰ আগত ধেমাজি জিলা ক্ৰীড়া সন্থাৰ অধিৱেশন অনুষ্ঠিত হ'ব৷
উক্ত অধিৱেশনতে জিলাখনৰ ক্ৰীড়া দিশত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ'ব৷ জিলাখনৰ ক্ৰীড়া ইতিহাসৰ সম্পৰ্কে সবিস্তাৰে প্ৰকাশ কৰিব বিচৰা স্মৃতিগ্ৰন্থৰ লেখাৰ বাবে এতিয়াৰে পৰা জিলাবাসীক লিখিবলৈ মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনাইছে৷ তেওঁ আশা প্ৰকাশ কৰামতে এই স্মৃতিগ্ৰন্থখন জিলাখনৰ ক্ৰীড়াজতৰ খেলুৱৈসকলৰ বাবে এক দলিল স্বৰূপ হ'ব৷
তেওঁ কয়, ইয়াৰ পৰা আমি সকলোৱে কোন খেলুৱৈয়ে, ক'ত, কেনেকৈ জিলা, ৰাজ্য, ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ গৈছিল সেই বিষয়ে সকলোৱে সহজতে পৰিচয় হ'ব পাৰিব৷ মন্ত্ৰীগৰাকীয়ে বক্তব্যত জনোৱামতে ইতিমধ্যে তেওঁৰ গোগামুখত পৰীক্ষামূলকভাৱে এখন ফুটবল একাডেমিও প্ৰতিষ্ঠা কৰিছে৷
অঞ্চলটোৰ বচা বচা প্ৰায় ৫০ জন খেলুৱৈৰ সৈতে আৰম্ভ কৰা এই একাডেমিৰ খেলুৱৈসকলক বিনামূলীয়াকৈ পঢ়-শুনা আৰু থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও অৱগত কৰে৷ মন্ত্ৰী পেগুৱে এই একাডেমি আৰ্হি গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা লোৱা হৈছে বুলিও কয়৷