ধেমাজি জিলাৰ আটাইকেইখন জিলা পৰিষদ দখল বিজেপিৰঃ হতাশাত বিৰোধী

ধেমাজি,  চিচিবৰগাঁও আৰু জোনাই সমষ্টিৰ  তিনিওটা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা সোমবাৰে দুপৰীয়া সম্পূৰ্ণ হয়৷ জিলাখনৰ মুঠ ১২ খন জিলা পৰিষদৰ আসনৰ আটাইকেইখন দখল কৰে BJP-এ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ধেমাজি জিলাৰ আটাইকেইখ জিলা পৰিষদ দখল বিজেপিৰঃ হতাশাত বিৰোধী

ডিজিটেল সংবাদ, ধেমাজিঃ  ৰাজ্যৰ অন্যান্যৰ প্ৰান্তৰ লগতে ধেমাজি,  চিচিবৰগাঁও আৰু জোনাই সমষ্টিৰ  তিনিওটা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা সোমবাৰে দুপৰীয়া সম্পূৰ্ণ হয়৷ নিৰাপত্তাৰ মাজেৰে  সামৰণি পৰা ভোট গণনাৰ ফলাফল অনুযায়ী ধেমাজি জিলা সদৰৰ ৮ টা জিলা পৰিষদ সমষ্টিৰ লগতে জোনাইৰ সমষ্টিৰ ৪ টা জিলা পৰিষদ সমষ্টিৰ সৈতে মুঠ ১২ টা জিলা পৰিষদ সমষ্টিত মিত্ৰজোঁটে বিজয়ৰ শেষ হাঁহি মাৰে৷  

Advertisment

ইয়াৰে ধেমাজি জিলাৰ ৭৮ নং ধেমাজি বিধান সভা সমষ্টিৰ অন্তৰ্গত ২ নং ধেমাজি-১ জিলা পৰিষদ সমষ্টিত মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ লক্ষীধৰ শেনচোৱাই ১৭০৫ টা ভোটৰ ব্যৱধানত জয়ী হয়৷ লক্ষীধৰ শেনচোৱাই পোৱা ৯৭৪৩ ভোটৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দি কংগ্ৰেছৰ ইন্দ্ৰকান্ত দলেয়ে ৮০৩৮ টা ভোট লাভ কৰে৷

একেদৰে ৩ নং ধেমাজি-২ জিলা পৰিষদ সমষ্টিত মিত্ৰজোঁটৰ বিজেপিৰ টিলুমণি পেগু কোঁৱৰে ১১৭৬ ভোটৰ ব্যৱধানত লাভেৰে জয়ী হয়৷ তেওঁৰ প্ৰতিদ্বন্দি কংগ্ৰেছৰ বিপুল দলেয়ে ৫৮৫৫ টা ভোট পোৱা বিপৰীতে তিলোমনি পেগু কোঁৱৰে ৭০৩১ টা ভোট লাভ কৰে৷ 

১নং বৰদলনি জিলা পৰিষদ সমষ্টিত, মিত্ৰজোঁটৰ বিজেপিৰ খেওমালী দৈমাৰীয়ে ৫৮৩৮ ভোটৰ ব্যৱধানত জয়ী হয়৷ তেওঁৰ প্ৰতিদ্বন্দি অসম জাতীয় পৰিষদৰ হিমাদ্ৰী সোণোৱালে ৮১৯৮ টা ভোট পোৱাৰ বিপৰীতে মিত্ৰজোঁটৰ বিজেপিৰ খেওমালী দৈমাৰীয়ে ১৪০৩৬ টা ভোট লাভ কৰে। 
৪ নং গোগামুখ জিলা পৰিষদ সমষ্টিত মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী জ্যোতিপ্ৰভা পেগু দলেয়ে নিকটতম কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ২৫৩৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয় সাব্যস্ত কৰে৷ মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী জ্যোতিপ্ৰভা পেগু দলেয়ে ১৭৪৭৪ টা ভোট পোৱা বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ১৪৯৪১ ভোট লাভ কৰে৷

সেইদৰে ৭৯ নং চিচিবৰগাঁও বিধান সভা সমষ্টিত ৭ নং চিলাপথাৰ জিলা পৰিষদ সমষ্টিত মিত্ৰজোঁটৰ বিজেপিৰ অমলা বিশ্বাস দাসে ২১২৮৩ টা ভোটৰ ব্যৱধানত জয়ী হয়৷ মিত্ৰজোঁটৰ বিজেপিৰ অমলা বিশ্বাস দাসে ২৪৭১৯ টা ভোট পোৱা বিপৰীতে কংগ্ৰেছৰ ৰীণা চৰকাৰ তৰফদাৰে  ৩৪৩৬ টা ভোটহে লাভ কৰে৷ ৮ নং চিচিবৰগাঁও জিলা পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভূপেন চুতীয়াই ২৪৪১ টা ভোটৰ ব্যৱধানত জয়ী হয়। 

তেওঁৰ প্ৰতিদ্বন্দি ৰাইজৰ দলৰ ৰুদ্ৰ ভূঞাই ৯৮৪২ টা ভোটৰ বিপৰীতে বিজেপিৰ ভূপেন চুতীয়াই ১২২৮৩ টা ভোট লাভ কৰি জয়ী হয়৷ ৫ নং দক্ষিণ ধেমাজি জিলা পৰিষদ সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰণিতা গগৈয়ে ৩৩২১টা ভোটৰ ব্যৱধানত জয়ী হয়৷

তেওঁৰ প্ৰতিদ্বন্দি কংগ্ৰেছৰ স্বপ্নাজ্যোতি বৰুৱাই ৭০২১ টা ভোট পোৱাৰ বিপৰীতে অগপৰ জয়ী প্ৰাৰ্থী প্ৰণিতা গগৈয়ে ১০৩৪২ টা ভোট লাভ কৰে৷ ৬ নং মাছখোৱা জিলা পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জীৱন গগৈয়ে ৪৭২ টা ভোটত জয়ী হয়৷ তেওঁৰ প্ৰতিদ্বন্দি কংগ্ৰেছৰ উৎপল কোঁচে ১১৪৩১ টা ভোটৰ বিপৰীতে বিজেপি জয়ী প্ৰাৰ্থী জীৱন গগৈয়ে ১১৯০৩ টা লাভ কৰে৷  

ইপিনে ৮০ নং জোনাই বিধান সভা সমষ্টিৰ পশ্চিম জোনাই জিলা পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী চাঞ্চুমা বসুমতাৰী,  মধ্য জোনাই জিলা পৰিষদত বিজেপিৰ মুন্না দলে পাটিৰ,  চিমেন চিচিটঙানি  জিলা পৰিষদৰ সমষ্টিত বিজেপিৰ বন্তি বালা পেগু আৰু পূৱ জোনাই জিলা পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ন্ত বৰিয়ে বিজয় সাব্যস্ত কৰে৷ 

উল্লেখযোগ্য যে এই জিলা পৰিষদসমূহৰ অন্তৰ্গত ৫ খন আঞ্চলিক পঞ্চায়ত, ৬৫ খন গাঁও পঞ্চায়তত  বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে শতকৰা ৯৮ শতাংশ আসন দখল কৰি কংগ্ৰেছ দলকে ধৰি বিৰোধীক তচনচ কৰি দিয়ে৷ লক্ষ্যণীয় যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ জিলাখনত মুঠ ৩৯৩১০৫ জন ভোটাৰৰ ৭৬.৫৪ শতাংশ ভোটদান সাব্যস্ত কৰিছিল৷  

জিলাখনৰ ৫ খন আঞ্চলিক পঞ্চায়ত,  ১২ খন জিলা পৰিষদ আৰু ৬৫ খন গাঁও পঞ্চায়তৰ আসনৰ বাবে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত জিলাখনৰ মুঠ ১৮০৮ গৰাকী প্ৰাৰ্থীয়ে সবল  প্ৰতিদ্বন্দিতা আগবঢ়াইছিল৷ ইয়াৰে ৩৪ জনে জিলা পৰিষদ পৰ্যায়,  ১৫৫জনে আঞ্চলিক পঞ্চায়ত পৰ্যায়  আৰু ১৬১৯জনে গাঁও পঞ্চায়তৰ ৱাৰ্ড পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰে৷  

আজি সামৰণি পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত বিজেপি মিত্ৰজোঁটে অভাৱনীয় সফলতা লাভ কৰাত স্বাভাৱিকতে বিজেপি,  অসম গণ পৰিষদ আৰু সন্মিলিত গণ শক্তি দলৰ দলীয় কৰ্মীসকলে ব্যাপক আনন্দ প্ৰকাশ কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ নেতা - কৰ্মীসকল চৰম হতাশাত ভোগা পৰিলক্ষিত হয়৷ 

ইফালে বিয়লি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কয় যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দল ধৰাশয়ী হ'ল৷ কংগ্ৰেছে ধেমাজি জিলাত এখনো জিলা পৰিষদ আসনত জয়ী হ’ব নোৱাৰিলে৷ জিলাখনত বিজেপি মিত্ৰজোঁটে আটাইকেইখন আসনতে জয়ী হ’বলৈ সক্ষম হ'ল৷
এই সফলতাৰ বাবে ধেমাজিবাসীলৈ আন্তৰিক শুভেচ্ছা জনাইছে মন্ত্ৰীয়ে৷ ধেমাজি জিলাত বিজেপিৰ মিত্ৰজোঁটে আটাইকেইখন আসনত নিশ্চিত বিজয় সাব্যস্ত কৰাত এইদৰে নিজৰ প্ৰতিক্ৰিয়াৰ ব্যক্ত কৰে মন্ত্ৰী পেগুৱে। 

পঞ্চায়ত নিৰ্বাচন ডাঃ ৰণোজ পেগু