Advertisment

২৫ ডিচেম্বৰত চিলাপথাৰত ধেমাজি জিলা সাংবাদিক সংস্থাৰ অধিবেশন

২৫ ডিচেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ধেমাজি জিলা সাংবাদিক সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন।

author-image
Asomiya Pratidin
New Update
২৫ ডিচেম্বৰত চিলাপথাৰত ধেমাজি জিলা সাংবাদিক সংস্থাৰ অধিবেশন

ডিজিটেল সংবাদ, চিলাপথাৰঃ ২৫ ডিচেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ধেমাজি জিলা সাংবাদিক সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন। চিলাপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু মাছখোৱা,গোগামুখ,ধেমাজি আৰু জোনাই প্ৰেছ ক্লাৱৰ সহযোগত অনুষ্ঠিত এই অধিবেশনৰ কাৰ্যসূচী মৰ্মে- ৰাতিপুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কৰিব দেউৰী স্বায়ত্ত-শাসিত পৰিষদৰ সাধাৰণ সদস্য তথা চিলাপথাৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি দেৱকান্ত দেউৰীয়ে।

Advertisment

পুৱা ৮-৩০  বজাত প্ৰতিনিধি পঞ্জীয়ন, ৯ বজাত ধেমাজি জিলা সাংবাদিক সংস্থাৰ পতাকা উত্তোলন কৰিব সভাপতি প্ৰেমানন্দ তালুকদাৰে,স্মৃতি তৰ্পণ কৰিব সম্পাদক জীৱন কোঁৱৰে। ৯-৩০ বজাত সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠাপক প্ৰয়াত সভাপতি তথা সতীৰ্থসকলক সোঁৱৰি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই দিনৰ ১১ বজাত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীতেৰে মঞ্চ মুকলি কৰাৰ লগে লগে জিলা সভাপতি প্ৰেমানন্দ তালুকদাৰৰ সভাপতিত্বত আৰম্ভ হ'ব মুকলি সভাৰ লগতে সম্বৰ্ধনা আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠানৰ।

ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে উদ্বোধন কৰা মুকলি সভাৰ বন্তি প্ৰজ্বলন কৰিব জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে। আদৰণী ভাষণ আগবঢ়াব চিলাপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি নয়নমনি মহন্তই। অধিৱেশনৰ লগত সংগতি ৰাখি জিলা সাহিত্য সম্পাদক পৱন বৰুৱাৰ সম্পাদনাত প্ৰকাশ কৰা মুখপত্ৰ 'কৰেছপণ্ডণ্টে' উন্মোচন কৰিব বিশিষ্ট সাংবাদিক সাহিত্যিক উমেশ চুতীয়াই ।

লগতে ধেমাজি জিলা সাংবাদিক সংস্থাৰ 'ক্ৰন'লজি' উন্মোচন কৰিব বিধায়ক ভূৱন পেগুয়ে। জ্যেষ্ঠ সাংবাদিক ৰয়েল পেগুৰ নৱতম গ্ৰন্থ ' নিৰ্বাচিত সম্পাদকীয়, উন্মোচন কৰিব বিশিষ্ট কবি ভুৱন দাসে। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অসম বাৰ্তাজীৱী সংঘৰ কাৰ্যনিৰ্বাহক সদস্য ভাস্কৰ শৰ্মা, মুখ্য অতিথি অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মা, সন্মানীয় অতিথি হিচাপে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰিব।

একেদৰেই অনুষ্ঠান বিশিষ্ট অতিথিৰূপে ধেমাজি জিলাৰ ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া জিষ্ণু শৰ্মা, ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি ক্ৰমে ড০ উমা শৰ্মা, উমেশ খাণ্ডেলীয়া, পূৰ্ণ কুমাৰ চিন্টে, প্ৰাক্তন সম্পাদক দিগন্ত কাকতি, জ্যেষ্ঠ সাংবাদিক দিলীপ হাজৰিকা, অসম বাৰ্তাজীৱী সংঘৰ কাৰ্যনিৰ্বাহক সদস্য অশ্বিনী দুৱৰা,  প্ৰশান্ত মোদক, অসম বাৰ্তাজীৱী সংঘৰ উত্তৰ পূৱ মণ্ডলৰ উপ-সভাপতি ভাস্কৰ সভাপণ্ডিত, গৱেষক ড০ উত্তম দাসকে ধৰি বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব।

 অনুষ্ঠানতে জিলাখনৰ বিভিন্ন সমাজ ক্ষেত্ৰৰ লগত জড়িত ১০ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। বিয়লি ২ বজাত অনুষ্ঠিত প্ৰতিনিধিৰ সভাৰ বন্তি প্ৰজ্বলন কৰিব জ্যেষ্ঠ সাংবাদিক দিলীপ শইকীয়াই লগতে উদ্ধোধন কৰিব চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত শইকীয়াই।

প্ৰতিনিধি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব ইণ্ডিয়ান ফেডাৰেচন অফ ৱৰ্কিং জাৰ্নেলিষ্টৰ সদস্য কিশোৰজ্যোতি শৰ্মা আৰু অতিথি হিচাপে উপস্থিত থাকিব অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য ভাস্কৰ শৰ্মা। অনুষ্ঠানটিত সকলোৰে উপস্থিতিত কামনা কৰিছে ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সম্পাদক জীৱন কোঁৱৰ, চিলাপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি নয়নমনি মহন্ত সম্পাদক লবিৰাম বৰিয়ে।

ধেমাজি প্ৰেছ ক্লাৱ চিলাপথাৰ