অসমৰ আটাইতকৈ কলংকিত, কেলেংকাৰী যুক্ত আৰু ধাৰুৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰঃ ধেমাজি জিলা কংগ্ৰেছ

''অসমৰ কলংকিত আৰু কেলেংকাৰী যুক্ত, আক্ৰোশ পৰায়ন, ব্যৰ্থ আৰু ধাৰুৱা চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন ৷''- এই অভিযোগ ধেমাজি কংগ্ৰেছৰ।

author-image
Asomiya Pratidin
New Update
অসমৰ আটাইতকৈ কলংকিত, কেলেংকাৰী যুক্ত আৰু ধাৰুৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰঃ ধেমাজি জিলা কংগ্ৰেছ

ডিজিটেল সংবাদ, ধেমাজিঃ ''অসমৰ কলংকিত আৰু কেলেংকাৰী যুক্ত, আক্ৰোশ পৰায়ন, ব্যৰ্থ আৰু ধাৰুৱা চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন ৷'' এই গুৰুতৰ অভিযোগ ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ভাস্কৰ দুৱৰাৰ ৷ মঙলবাৰে ধেমাজি জিলা কংগ্ৰেছ কাৰ্যালয় ইন্দিৰা ভৱনত অনুষ্ঠিত এখন সংবাদ মেল সম্বোধন কৰি সভাপতিগৰাকীয়ে যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিয়ে যিবোৰ কথা উলিয়াই আছে সেইসকলো ইতিমধ্যে ৰাজহুৱা হৈ থকা কথা।

Advertisment

সেই কথাখিনিকে অপপ্ৰচাৰ কৰি তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বদনাম কৰি থকা হৈছে বুলি মন্তব্য কৰি দুৱৰাই কয় যে, ইয়াত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ দুৰ্বলতা আৰু অস্থিৰতা প্রকাশ পাইছে। সাংগঠনিক সাল-সলনিৰ আশংকাত মুখ্যমন্ত্ৰীৰ লগতে বহুতৰে চিন্তা বাঢ়িছে।

ঝাৰখণ্ডৰ নিৰ্বাচনৰ পাছত এই দুশ্চিন্তা বাঢ়িছে। কয়লাৰ অবৈধ খনন বন্ধ কৰিবলগীয়া হোৱা বাবে বিজেপি দলৰ হেজাৰ হেজাৰ কোটি টকাৰ ক্ষতি হৈছে আৰু সেই লৈয়ো চিন্তা হৈছে। অসমৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে মাজতে আৰু ১২ টা মাহ আছে, তাৰ পাছত ৰাইজে বিজেপিক  ক্ষমতাৰপৰা বিতাড়ন কৰিব ।

ক্ষমতা হেৰুৱাবলগীয়া হোৱাৰ যি ভয়, তাৰ বাবেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিয়ে অপপ্ৰচাৰৰ ৰাজনীতি আৰম্ভ কৰিছে। বিজেপিয়ে যে গৌৰৱ গগৈক ভয় কৰে সেই কথা বিগত লোকসভা নির্বাচনৰ সময়ত যোৰহাটতে ইয়াৰ প্ৰতিফলন হৈছিল ৷ অসমৰ ৰাইজে এতিয়া বিজেপিৰ কাম-কাজ ভাল পোৱা নাই।

আলফাৰ পৰা ছালফা, ছাত্ৰ সন্থাৰ পৰা বহিস্কৃত হোৱা অসমৰ সৰ্বকালৰ কেলেংকাৰী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক স্মার্ট মিটাৰ, পি পি ই কিট, কলিয়াবৰৰ গোচৰ, ভূমি কেলেংকাৰী-এনে বিভিন্ন বিষয়ক লৈ ৰাইজে বছৰৰ পাছত বছৰ ধৰি প্রশ্ন কৰি আছে। গছপুলি ৰোপণ কৰি মহিলাসকলে কিয় ১০ হেজাৰ টকাকৈ নাপালে, জলজীৱনৰ কৰ্মী, অংগনৱাড়ী কর্মী, আশা কর্মী আদিয়ে প্রাপ্য কেতিয়া পাব  বুলিও প্ৰশ্ন কৰে। 

তাৰোপৰি তেওঁ প্ৰশ্ন কৰি কয়, ৩৫১ টকা দূৰৈৰ কথা চাহ শ্রমিকে ২৫০ টকাও কিয় মজুৰি পোৱা নাই? ছয় জনগোষ্ঠীক আজিও কিয় জনজাতিকৰণ কৰা নাই বিজেপি চৰকাৰে?  এইবোৰ প্ৰশ্নৰহে উত্তৰ দিবলৈ মুখ্যমন্ত্রীক আহ্বান জনায় ৷

তদন্তৰ বাবে এছ আই টি গঠন সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি ভাস্কৰ দুৱৰাই কয়লাৰ অবৈধ খনন সম্পর্কত কিয় এছ আই টি গঠন নকৰে বুলি প্রশ্ন কৰিছে। কংগ্ৰেছে  বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব বুলি দোহাৰি কয় যে এনেধৰণৰ অপপ্রচাৰে কংগ্ৰেছক টলাব নোৱাৰে।

ঝাৰখণ্ডত যি হ'ল ২০২৬ চনত অসমতো সেয়াই হ'ব, ৰাইজ ইয়াৰ বাবে ইতিমধ্যে সাজু হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক খাই পাতফলা বুলি উল্লেখ কৰে ৷ জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰ সমালোচনা কৰি কয় যে, তেওঁ অতীতৰ পৰাই মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৷ শেহতীয়াকৈ প্ৰয়াত মুখ্যমন্ত্ৰীৰ পুত্ৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈছে তথা আক্ৰোশ মূলকভাৱে গৌৰৱ গগৈৰ পৰিবাৰৰ প্ৰসংগ টানি আনিছে ৷

অৱশ্যে ইয়াৰ জৰিয়তে এলিজাবেথ কলবাৰ্ন গগৈক এগৰাকী প্ৰভাৱশালী মহিলা হিচাপে অসম তথা দেশবাসীক চিনাকি কৰাই দিয়া হৈছে বুলিও কয়। তেওঁ কয়, ৰাজ্যত যি চিণ্ডিকেট চলি আছে তাৰ নায়ক হিমন্ত বিশ্ব শৰ্মা। এগৰাকী মন্ত্ৰীৰ জৰিয়তে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চিণ্ডিকেটৰ দায়িত্ব দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰে ৷

মঙলবাৰে অনুষ্ঠিত হোৱা এই সংবাদমেলত ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰাৰ লগতে ধেমাজি ব্লক কংগ্ৰেছৰ সভাপতি অতুল কুমাৰ বৰা, ধেমাজি টাউন ব্লক কংগ্ৰেছৰ সভাপতি ইন্দ্ৰ কান্ত দলে, জিলা কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি টংকেশ্বৰ দুৱৰী, জিলা কংগ্ৰেছৰ সাধাৰণ প্ৰশাসনীয় বিপুল দলে, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল বৰুৱা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলাল গগৈ, বেতনিপাম গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিক্ৰম গগৈ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিনোদ দাস, জিলা কংগ্ৰেছৰ উপ-সভাপতি দিনেশ পাইট আৰু বৰদলনি ব্লক কংগ্ৰেছৰ সভাপতি তাৰানাথ পেগু আদি বহু জ্যেষ্ঠ কংগ্ৰেছী উপস্থিত থাকে ৷ 

গৌৰৱ গগৈ ড০ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ