ধেমাজি জিলা উপায়ুক্তৰ কাৰাগাৰ পৰিদৰ্শন...

ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে বৃহস্পতিবাৰে দুপৰীয়া জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে জিলা কাৰাগাৰ পৰিদৰ্শন কৰে
ধেমাজি জিলা উপায়ুক্তৰ কাৰাগাৰ পৰিদৰ্শন...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে বৃহস্পতিবাৰে দুপৰীয়া জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে জিলা কাৰাগাৰ পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে কিছু দিন পূৰ্বে তিনিচুকীয়া জিলাত অনুষ্ঠিত হোৱা উপায়ুক্তসকলৰ সন্মিলনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ উপায়ুক্তসকলক জিলাৰ কাৰাগাৰসমূহৰ আন্তঃগাঁঠনি উন্নয়ন আৰু বিভিন্ন সমস্যাসমূহৰ বুজ লৈ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি ধেমাজি জিলাৰ উপায়ুক্তই জিলাখনৰ কাৰাগাৰৰ বিভিন্ন সমস্যা বুজ লয় ৷ ধেমাজি জিলাখনৰ কাৰাগাৰত বিভিন্ন সমস্যা আৰু অভাৱৰ প্ৰতি সঁহাৰি জনাই উপায়ুক্ত কাৰ্য্যালয় আৰু বিভিন্ন বিভাগ সমূহৰ ফালৰ পৰা দহখন চিলিং ফেন, ২০০ খনকৈ আঁঠুৱা, বাল্টিং, মগ আৰু কিতাপৰ টোপোলা আদি সামগ্ৰী প্ৰদান কৰে ৷

লগতে স্বচ্ছ ভাৰত মিছনৰ অধীনৰ আঁচনিৰ জৰিয়তে কাৰাগাৰৰ ভিতৰত অতিৰিক্ত শৌচালয় নিৰ্মাণ কৰা আৰু জলজীৱন মিছনৰ দ্বাৰা খোৱাপানী ব্যৱস্থা কৰা কথাও উপায়ুক্তগৰাকীয়ে সদৰি কৰে ৷ ইফালে মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়াত অনুষ্ঠিত উপায়ুক্তসকলৰ সন্মিলনত প্ৰতি মাহে জিলা কাৰাগাৰত স্বাস্থ্য শিবিৰ আয়োজন কৰাৰো নিৰ্দেশ দিছিল ৷

মু্খ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই ধেমাজি কাৰাগাৰতো এই মাহৰ পৰা স্বাস্থ্য শিবিৰ আয়োজনৰ ব্যৱস্থা কৰিছে বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে ৷ পৰিদৰ্শনত উপায়ুক্তগৰাকীয়ে কাৰাগাৰৰ কয়দীসকলৰ সৈতে বাৰ্তালাপ কৰা পিছতেই উপায়ুক্তই কয়দী সকলৰ মাজত মিউজিকৰ সামগ্ৰী হাৰ্মনিয়াম, গীটাৰ আদিও প্ৰদান কৰাৰ বিষয়ে অৱগত কৰে ৷ আজিৰ এই পৰিদৰ্শনত উপায়ুক্তৰ সৈতে ধেমাজি জিলাৰ খাদ্য অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালক বিৰিঞ্চি দত্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্ত্ৰা বিদুৎ বুঢ়াগোহাঁই, গড়কাপ্তানি বিভাগ ( পথ সংমণ্ডল )ৰ কাৰ্য্যবাহী অভিযন্ত্ৰা প্ৰনৱ ৰয়কে ধৰি বহুকেইগৰাকী বিষয়া উপস্থিত থাকে ৷

ধেমাজি জিলা উপায়ুক্তৰ কাৰাগাৰ পৰিদৰ্শন...
ইটাখোলাত ড্ৰাগছসহ দুজনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in