/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2b9d9004-fd73-4623-b104-ab353bfea9df/323.jpg)
ডিজিটেল সংবাদ,ধেমাজি : কিছুদিন পূৰ্বে ধেমাজি জিলা বিজেপি সভাপতিৰ পৰা প্ৰেম দত্তই পদত্যাগ কৰিছিল। তেওঁৰ পদত্যাগৰ পিচতে নতুন সভাপতিৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে ৰূপা কামানে। নতুন সভানেত্ৰী কামানে বুধবাৰে জিলা কাৰ্য্যালয়ত উপস্থিত হৈ দায়িত্বভাৰ গ্ৰহণ কৰে ৷
ইয়াৰ পূৰ্বে নৱনিযুক্ত সভানেত্ৰী ৰূপা কামানক দলৰ শতাধিক কৰ্মীয়ে কাছাৰী ময়দানৰ সমীপৰ পৰা জিলা বিজেপিৰ কাৰ্য্যালয়লৈ ঢোলে-দগৰে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰি আদৰি আনে। এই উপলক্ষে জিলা বিজেপিৰ কাৰ্য্যালয়ত এখনি আদৰণি সভা অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/17bb21dd-6a99-4633-89bf-7b0ba83bfb35/abbf83b4_43c0_4304_b96b_477b6069932c.jpg)
জিলা বিজেপিৰ সম্পাদক গৌৰী শংকৰ ডেকাবৰুৱাই আতঁ ধৰা আদৰণি সভাত জিলাখনৰ বিভিন্ন অঞ্চলৰ ন-পুৰণিৰ জিলা বিজেপিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷ অনুষ্ঠানত নৱনিযুক্ত সভানেত্ৰী ৰূপা কামানে বক্তব্যত লোকসভাৰ সাংসদ প্ৰদান বৰুৱা ,মন্ত্ৰী ডাঃ ৰনোজ পেগু,ভূৱন পেগুৰ লগতে দলৰ কৰ্মকতা সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু সেৱা জনায়
আগন্তুক দিনত সকলোৰে সহযোগিতা কামনা কৰি দলকটোক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ উল্লেখ্য যে নতুন সভানেত্ৰীক আদৰণি অনুষ্ঠানলৈ অহা বহু কেইজন বিজেপিৰ জ্যেষ্ঠ কৰ্মী আনন্দত উৎফুল্লিত হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ed876395-588e-4ee2-ae6e-17e9ca7025d8/94da55ff_af6c_4021_a8db_cd75408297f4.jpg)
তেওঁলোকে কয় যে, বিগত চাৰি বছৰে পূৰ্বৰ সভাপতিগৰাকীৰ ময়মতালিৰ বাবেই জিলা কাৰ্য্যালয়ৰলৈ আহিবলৈ এৰি দিছিলোঁ। এতিয়া আমি দলৰ নেতৃত্ব দিব পৰা মানুহ এগৰাকী পাইছোঁ। সেয়ে আমাৰ ভাল লাগিছে বাবে আমি ওলাই আহিছোঁ।
তাৎপৰ্যপূৰ্ণভাৱে বিজেপি দলৰ ভালেকেইজন কৰ্মীৰ আবেগলৈ লক্ষ্য কৰিলে দেখা যাই যে, প্ৰেম দত্তৰ কামকাজলৈ একাংশ দলৰ কৰ্মীয়ে অসন্তুষ্টি প্ৰকাশ কৰি অহাটো আজি স্পষ্টৰূপত প্ৰকাশ পাইছে ৷
Also Read: লক্ষীপুৰত ড্রাগছ জব্দ