/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/76ce5615-6a41-431e-876b-fbab87450c6e/388.jpg)
ডিজিটেল সংবাদ,ধেমাজি : এইবাৰ ৰাজপথত ছাত্ৰ সন্থাৰ আন্দোলন নহয় । হাতে হাতে কোৰ বেলচা লৈ ৰাষ্ট্ৰীয় ঘাইপথত নামিল শ্ৰমিকৰ ৰূপত ছাত্ৰ সন্থাৰ কৰ্মী ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/19149325-71e4-45e5-9945-afca3a06ea6f/b153dfd8-c847-4003-8c63-c2f6d6dfc6ab.jpg)
মৰণফাণ্ডলৈ পৰিণত হোৱা কোলাজান বগীবিল চ্যুকাফা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাই শ্ৰমদান কৰিয়েই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক প্ৰতিবাদ সাব্যস্ত কৰিলে শ্লোগান বিহীনভাৱে। বিগত কেবা বছৰো ধৰি অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতি নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d4788b3d-6ef2-4a6f-a576-4e7c8e075627/403b2ee8-c9b7-4eff-aab5-4b787ae94e71.jpg)
যাৰ ফলত নিতৌ সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । ছাত্ৰ সন্থাৰ কৰ্মীসকলে টেক্টৰে শিল বালি আনি সমগ্ৰ পথছোৱাত থকা দ’ গাঁতসমূহ পুতি পেলাই এই পথৰেই অহা যোৱা পৰা পথচাৰীক কিছু যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিয়াৰ প্ৰচেষ্টা লোৱা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2ca47320-d8d5-4ae6-afc1-17efe25f1a5c/9ae6f30a-a12c-4cf5-84e4-080423dd912a.jpg)
ইফালে এই শ্ৰমদান কাৰ্যসূচীৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিপক শৰ্মা, কাৰ্য্যনিৰ্বাহক সদস্য বিকাশ মিছং , জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সম্পাদক জয়ন্ত বৰগোহাঁইয়ে বক্তব্যত বিধায়ক সাংসদ তথা মুখ্যমন্ত্ৰী গৰাকীক কঠোৰ সমালোচনা কৰে ।
Also Read: সংকল্প দিৱস আছিল শিশু শ্ৰমিক নোহোৱা কৰা, মন্ত্ৰী আলোচনাত বহিল তৃতীয় লিংগৰ লোকৰ সমস্যা সমাধানত