ধেমাজিত 'কুৱেশ্বন পেপাৰ ডিজাইনিং এণ্ড ব্লুপ্ৰিণ্ট প্ৰিপাৰেচন' অনুষ্ঠানৰ সামৰণি..

ধেমাজিত তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা 'কুৱেশ্বন পেপাৰ ডিজাইনিং এণ্ড ব্লুপ্ৰিণ্ট প্ৰিপাৰেচন' অনুষ্ঠানৰ আজি সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
ধেমাজিত 'কুৱেশ্বন পেপাৰ ডিজাইনিং এণ্ড ব্লুপ্ৰিণ্ট প্ৰিপাৰেচন' অনুষ্ঠানৰ সামৰণি..

ডিজিটেল সংবাদ, চিলাপথাৰ: ধেমাজিত তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা 'কুৱেশ্বন পেপাৰ ডিজাইনিং এণ্ড ব্লুপ্ৰিণ্ট প্ৰিপাৰেচন' অনুষ্ঠানৰ আজি সামৰণি পৰে। বিষ্ণুপুৰ শিলআলিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত (ডায়েট) অনুষ্ঠিত হৈছিল এই অনুষ্ঠান।

Advertisment

ভৱিষ্যতে প্ৰশ্নকাকত প্ৰস্তুতি সম্পৰ্কে শিক্ষক-শিক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ আয়োজিত এই প্ৰশিক্ষণ অনুষ্ঠানৰ উদ্বোধন কৰে প্ৰতিষ্ঠানৰ অধ্যক্ষ হৰিনাথ বৰাই। প্ৰতিষ্ঠানৰ প্ৰৱক্তা তথা প্ৰশিক্ষণৰ সমন্বয়ক মায়াশ্ৰী চেতিয়া ফুকনে আঁতধৰা অনুষ্ঠানৰ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰৱক্তা জুনিচ পাতিৰ, বিবিমণি গগৈ, শিখামণি বুঢ়াগোহাঁই, প্ৰভাত মৰাং, মায়াৰানী পাৱে, দিব্যজ্যোতি গগৈ, ভুৱনেশ্বৰ ইংতি, পবিত্ৰ কুমাৰ দাস, মানসজ্যোতি বৰুৱা, শিক্ষাৰ্থী বিতু বৰুৱা, পৰাগ জ্যোতি নেওঁগ, অংকুৰ বিশ্বকৰ্মা আদি। অনুষ্ঠানত উপস্থিত থাকি কেইবাজনেও প্ৰশ্নকাকতৰ নক্সা আৰু প্ৰস্তুতকৰণৰ ওপৰত তথ্য দাঙি ধৰাৰ লগতে ইয়াৰ কৌশলৰ ওপৰতো বক্তব্য প্ৰদান কৰে। তদুপৰি সমল ব্যক্তি সকলে শিক্ষক প্ৰশিক্ষাৰ্থী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো প্ৰদান কৰে। তিনিদিনীয়া প্ৰশিক্ষণত অংশ লোৱা প্ৰশিক্ষাৰ্থী সকলক প্ৰতিষ্ঠানৰ পৰা একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰে।

অনুষ্ঠানত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল চন্দ্ৰ দেৱে মন্তব্য কৰে যে, "সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰী সকলক যুগৰ সৈতে ফেৰ মাৰি চলিবলৈ কেবল পুথিগত জ্ঞানেই শিক্ষাই যথেষ্ট নহয়। নদীত কিদৰে সাঁতুৰিব পাৰি সেয়া শ্ৰেণী কক্ষত কলম- কাগজেৰে শিকনি দিয়াতকৈ পুখুৰী বা নদীত সাঁতুৰিবলৈ ব্যৱহাৰিক জ্ঞান দিয়াতো অধিক ফলপ্ৰসু।" সঠিক শিক্ষাৰ অভাৱৰ বাবেই পশ্চিমীয়া দেশৰ সৈতে উন্নয়নৰ ক্ষেত্ৰত আমাৰ দেশে ফেৰ মাৰিব পৰা নাই বুলিও তেওঁ মন্তব্য কৰি মূল্যায়নৰ বাবে ব্লুপ্ৰিণ্ট বা আৰ্হি প্ৰশ্নকাকত গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে।

Also Read: ওদালবাক্রাত 'Yes Money' লোন সজাগতা কেম্পৰ নামত গ্রাহকক প্রৱঞ্চনা...

Dhemaji District Administration