Advertisment

উমৰাংছুৰ ঘটনাক লৈ ধেমাজি জিলা কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰৰা নিৰ্দেশত আজি উমৰাংছুৰ কয়লা খনিত সংঘটিত দুৰ্ঘটনাৰ বিৰুদ্ধে আৰু কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ধেমাজি জিলা কংগ্ৰেছে।

author-image
Asomiya Pratidin
New Update
উমৰাংছুৰ ঘটনাক লৈ ধেমাজি জিলা কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটিল সংবাদ,ধেমাজিঃ উমৰাংছুৰ কয়লা খনিত সংঘটিত দুৰ্ঘটনাৰ পিছতেই সৰৱ হৈ পৰিছে বিৰোধী কংগ্ৰেছ দল৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যতে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ সমান্তৰাল ভাবে ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা ১১.৩০ বজালৈকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

ধৰ্মঘটস্থলীত জিলা কংগ্ৰেছৰ মুখপাত্ৰ শশ্চীন্দ্ৰ দলেয়ে কয়লা ছিণ্ডিকেট আৰু খাদত চলা অনিয়ম সন্দৰ্ভত কেতবোৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্লিপ্ত ভূমিকাৰ লগতে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া দেবুলাল গাৰ্লোছা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে কয়লা ছিণ্ডিকেটত জড়িত বুলি অভিযোগ উত্থাপন কৰি ইয়াৰ উচিৎ তদন্ত বিচাৰে ৷

ইয়াৰ উপৰিও ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ভাস্কৰ দুৱৰাই ধৰ্মঘট স্হলীতে দিয়া বক্তব্যত শীৰ্ঘ্ৰে কয়লা ছিণ্ডিকেটৰ আঁৰত থকা ব্যক্তিসকলক চিনাক্ত কৰি তদন্তৰ আওতালৈ আনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে। দুৰ্নীতিৰ চৰ্দাৰ মুখ্য ভূমিকা পালন কৰা হিমন্ত 
বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ যদি সাহস আছে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া দেবুলাল গাৰ্লোছাৰ পত্নী কণিকা হোজাই উক্ত কয়লা খাদটোৰ গৰাকী বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক তদন্তৰ কৰাৰ দাবী জনাই জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

উল্লেখ্য যে ধেমাজি জিলা কংগ্ৰেছৰ নেতৃত্বত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ উপ-সভাপতি টংকেশ্বৰ গগৈৰ লগতে জিলা যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ,এন এছ ইউ আই,ধেমাজি জিলা কংগ্ৰেছ সেৱা দল, জিলাখনৰ সাত টা ব্লক কংগ্ৰেছ কমিটিৰ লগতে সেৱা দলৰ বিষয়ববীয়া- কৰ্মকৰ্তা সকল উপস্থিত থাকে। 

কংগ্ৰেছ প্ৰতিবাদ অবৈধ কয়লাখনন উমৰাংছু