/asomiyapratidin/media/media_files/2025/03/20/HoxLGBsKNMHhK6eDtuYq.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ জোনাই মহকুমাৰচিমেনচাপৰি আৰক্ষী থানাৰ অন্তৰ্গত বগৰীচাপৰিত যোৱা ১৮ মাৰ্চত কংগ্ৰেছৰ সভালৈযোৱা বহু কেইগৰাকী কংগ্ৰেছ কৰ্মীক দা, লাঠীৰে আক্ৰমণ কৰা অপৰাধীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীত বৃহস্পতিবাৰে দুপৰীয়া ধেমাজি জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ প্ৰায় পাচঁ শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে জিলা কংগ্ৰেছৰ কাৰ্য্যালয়ৰ পৰাআৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দি প্ৰতিবাদী সমদল আৰম্ভ কৰাৰ সময়তেই আৰক্ষী আৰু চি আৰ পি এফৰ বাধাৰ সন্মুখীন হয়।
আৰক্ষী আৰু চি আৰ পি এফৰ এনে বাধাৰ মাজতো প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি নগৰৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰে। ফলত আৰক্ষী আৰু চি আৰ পি এফৰ সৈতে প্ৰতিবাদকাৰীসকলৰ তীব্ৰ হতাহতিৰ সৃষ্টি হয় আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰে।
প্ৰায় এঘণ্টাতকৈ অধিক সময় এইদৰে আৰক্ষী আৰু চি আৰ পি এফৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ ফলত বহু কেইজন প্ৰতিবাদকাৰী আহত হোৱাৰ লগতে ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) ডেভিড ৰিচুং হুং নেইংগাইটেৰ লগতে আন কেইবাজনো আৰক্ষী কৰ্মী আহত হয়। আনহাতে কংগ্ৰেছ নেত্ৰী দীপলী পাটিৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভানেত্ৰী সাগৰীকা বৰাৰ লগতে আন বহু কেইজন কংগ্ৰেছ কৰ্মী আহত হৈছে। আৰক্ষীৰ বন্দুকৰ কোবত অতি গুৰুতৰভাৱে ৰমেন কোচ নামৰ চিচিবৰগাঁৱৰ কংগ্ৰেছ কৰ্মীগৰাকী পেটত আঘাত পাইছে। ইতিমধ্যে তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছে।
এনে পৰিস্থিতিত বিয়লি ১ বজা পৰ্যন্ত ধেমাজি নগৰ উত্তপ্ত হৈ থকাৰ লগতে যানবাহন চলাচল বন্ধ হৈ পৰে। একপ্ৰকাৰে স্তব্ধ হৈ পৰে ধেমাজি নগৰ। পিছত জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু দণ্ডাধীশ তথা ধেমাজি ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰাতহে পৰিস্থিতি শান্ত হয়।
দণ্ডাধীশৰসাক্ষাৎত আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰতিবাদীসকলকশান্তিপূৰ্ণভাৱে আহিবলৈ অনুৰোধ জনোৱাৰ লগতেআৰক্ষীক তদন্তত সহায় কৰিবলৈওআহবান জনায়৷ইতিমধ্যে প্ৰতিবাদকাৰীসকলে যি অভিযোগ দিছে তা ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰোও আশ্বাস দিয়ে৷
প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থকা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি যুবেৰআনম চৌধুৰী, প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ডেভিদ ফুকন আৰু ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰাৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰি অহা দুদিনৰ ভিতৰত আক্ৰমণকাৰী অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈদাবী জনায়৷ স্মাৰকপত্ৰত উল্লেখ কৰামতে যোৱা ১৮ মাৰ্চত জোনাইৰ চিমেনচাপৰি বগৰীচাপৰিত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা কনকলতা পেগু,টুনিৰাম দলে,বিক্ৰম ৰামচিয়াৰী,ৰহিম পেগু, বানীকান্ত দলে,ৰাজীৱ পেগু,লক্ষ্মীনাথ পাদুনৰ সৈতে যোৱা কংগ্ৰেছৰ কৰ্মীসকলক ১৮/ ১৯ জনীয়া এটা দুস্কৃতিকাৰী দলে পথতে দা, লাঠীৰে আক্ৰমণ কৰিছিল।
অভিযোগ কৰা মতে দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক প্ৰহাৰ কৰাৰ লগতে মহিলাৰো কাপোৰ টনা-আজোৰা কৰি অশালীন ভাষাৰে গালি-গালাজ কৰিছিল। ইতিমধ্যেচিমেনচাপৰি আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে৷ সেয়ে শীঘ্ৰেই উক্ত ঘটনাৰ সৈতে জড়িত অপৰাধীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰকপত্ৰৰ জৰিয়তে আৰক্ষী অধীক্ষকগৰাকীক দাবী জনায়৷
ইফালে জিলা কংগ্ৰেছৰ সভাপতি আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জানিবলৈদিয়ে যে অহা দুদিনৰ ভিতৰতযদি ধেমাজি আৰক্ষীয়ে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণনকৰে তেন্তে ইয়াতকৈ আৰু অধিক শক্তিশালী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী গঢ়িতুলিবলৈ বাধ্য হ'ব।