ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদ...

বৃহস্পতিবাৰে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক ৰূপহীত দুৰ্বৃত্তই মুকলিকৈ আক্ৰমণ কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, ধেমাজিঃ বৃহস্পতিবাৰে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক ৰূপহীত দুৰ্বৃত্তই মুকলিকৈ আক্ৰমণ কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ অব্যাহত আছে। তাৰ মাজতে আজি সাংসদগৰাকীৰ আক্ৰমণকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা দাবী উত্থাপন কৰিছে ধেমাজি জিলা কংগ্ৰেছে। 

আজি দিনৰ ১২ বজাত ধেমাজি জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনৰ পৰা ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইনৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। এই প্ৰতিবাদী সমদলত প্ৰায় ডেৰ শতাধিক কংগ্ৰেছ দলৰ কৰ্মীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ পৰ্যন্ত যায়। 

জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায়-হায়, অসম চৰকাৰ হায়-হায়, গৃহমন্ত্ৰী হায়-হায় ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। তেওঁলোকে শীঘ্ৰেই সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰকাৰী গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ৷

কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰাৰ দ্বাৰা স্বাক্ষৰিত এখনি
স্মাৰকপত্ৰ ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যপালৰলৈ প্ৰেৰণ কৰে ৷

কংগ্ৰেছ প্ৰতিবাদ