মহিলা প্ৰৱক্তাক মানসিক হাৰাশাস্তিৰ অভিযোগঃ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত উত্তাল প্ৰতিবাদ

মহিলা প্ৰৱক্তাক মানসিক হাৰাশাস্তিৰ অভিযোগঃ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত এগৰাকী মহিলা প্ৰবক্তাক মহাবিদ্যালয়খনৰ অধ্যক্ষই মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। এই লৈ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বৃহস্পতিবাৰে অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখ্য যে মহিলা প্ৰবক্তা গৰাকীক অধ্যক্ষ ড° দিলীপ বৰাই কৰা মানসিক হাৰাশাস্তিৰ ন্যায়ৰ লগতে অধ্যক্ষৰ স্বৈৰাচাৰী শাসনৰ অৱসান বিচাৰি মহাবিদ্যালয় খনৰ প্ৰায় ৩ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বৃহস্পতিবাৰে বিয়লি মহাবিদ্যালয়ৰ চৌহদত অধ্যক্ষৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদী ছাত্ৰ- ছাত্ৰী সকলে অধ্যক্ষ মুৰ্দাবাদ , আমাক ন্যায় লাগে , প্ৰিন্সিপালক নিলম্বিত কৰক , আমাক ন্যায় লাগিবই ইত্যাদি শ্ল’গানেৰে মহাবিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷

ইপিনে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিবাদৰ খবৰৰ পিছতেই ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীৰ নিৰ্দেশ মৰ্মে দণ্ডাধীশ আৰু আৰক্ষীয়ে গৈ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলক ব্যৱস্থা গ্ৰহনৰ আশ্বাস দিয়ে। তাৰ পিছতে প্ৰতিবাদৰ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰে ছাত্ৰ-ছাত্ৰীসকলে।

মহিলা প্ৰৱক্তাক মানসিক হাৰাশাস্তিৰ অভিযোগঃ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ত উত্তাল প্ৰতিবাদ
হাজোত স্বামী-শহুৰেকৰ অকথ্য নিৰ্যাতন! হত্যা কৰি বোৱাৰীক দিলে জ্বলাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in