ধেমাজিত আটাৰ কেলেংকাৰী! ৰাজপথত যোগান বিভাগৰ প্ৰতিকৃতি দাহ...

ধেমাজিত আটাৰ কেলেংকাৰী! ৰাজপথত যোগান বিভাগৰ প্ৰতিকৃতি দাহ...

author-image
Asomiya Pratidin
New Update
ধেমাজিত আটাৰ কেলেংকাৰী! ৰাজপথত যোগান বিভাগৰ প্ৰতিকৃতি দাহ...

ধেমাজিত আটাৰ কেলেংকাৰী! ৰাজপথত যোগান বিভাগৰ প্ৰতিকৃতি দাহ...

ডিজিটেল সংবাদ ধেমাজিঃ ৰাজহুৱা বিতৰণৰ নামত ধেমাজিত আটাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে ৷ ধেমাজি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা হিতাধিকাৰীৰ বাবে আবণ্টিত শ শ কুইন্টল আটাৰ কেলেংকাৰীৰ অভিযোগ কৰি ধেমাজিৰ ৰাজপথত শুকুৰবাৰে যোগান বিভাগৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ প্ৰায় শতাধিক কৰ্মীয়ে৷

প্ৰতিবাদীসকলৰ অভিযোগ মতে ২০১৯ বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই গোগামুখৰ M / S VASUNDHARA ROLLER FLOUR MILL, M/S N .S. P AGRO INDUSTIES, চিলাপথাৰৰ M / S LAKHISRI ROLLER FLOUR MILL আৰু ধেমাজিৰ FR MILL DHEMAJI ৰ জৰিয়তে ধেমাজি জিলাত হিতাধিকাৰীসকলক শ শ কুইন্টল আটা আৱণ্টন দিয়া দেখোৱাই থকা হৈছে যদিও প্ৰকৃতে হিতাধিকাৰীয়ে আজিকোপতি আটা লাভ নকৰা ব্যাপক কেলেংকাৰী অভিযোগ উথাপন হৈছে ৷

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে তথ্য লাভ কৰি অসামৰিক যোগান বিভাগক তদন্ত বিচাৰি আবেদন কৰে যদিও যোগান বিভাগে কনমানো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিয়ে শুকুৰবাৰে ধেমাজি নগৰৰ কাছাৰী ময়দানৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোগান বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাৱস্ত কৰে৷কাৰ্য্যসূচীৰ অন্ততস্থলীতে এখনি প্ৰতিবাদী সভাৰো অনুষ্ঠিত হয় ৷

প্ৰতিবাদী সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া,ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া ,কাৰ্য্যকৰী সভাপতি কৃষ্ণ ভূঞা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেন দিহিঙীয়া আৰু যুটীয়া সম্পাদক অনুপম চুতীয়াই যোগান বিভাগ আৰু চৰকাৰক ক্ষোৰধাৰ সমালোচনা কৰি এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰে ৷

Also Read: সোণাৰিত সাংস্কৃতিক মহা সংগ্ৰাম শুভাৰম্ভ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ...

যোগান বিভাগ