/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3f639618-aa4b-41db-a316-291e17e92089/2.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি কবি সকলক একত্ৰিত কৰা উদ্দেশ্যে ২০১২ চনৰ ২৩ জুলাইতে গঠন হোৱা ধেমাজি সদৰ শাখা কবি সমাজৰ প্ৰতিষ্ঠা দিৱসটি দেওবাৰে দিনযোৰা কাৰ্য্যসূচীয়ে ধেমাজি চিটি কলেজৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়৷ কাৰ্য্যসূচী অনুসৰি পুৱা ৮-৩০ বজাত কবি সমাজৰ পতাকা উত্তোলন কৰে ধেমাজি সদৰ শাখা কবি সমাজৰ সভাপতি উষা বুঢ়াগোঁহাইয়ে ৷
পুৱা ৯.০০ বজাত স্মৃতি তৰ্পন অনুষ্ঠানৰ কাৰ্য্যসূচী সমাপন কৰে ধেমাজি সদৰ শাখা কবি সমাজৰ উপ-সভাপতি গকুল চুতীয়াই ৷ পুৱা ১১ বজাত স্থানীয় শিল্পী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰা হয় ৷ ধেমাজি সদৰ শাখা কবি সমাজৰ প্ৰাক্তন সম্পাদিকা পুষ্পা চুতীয়াই দুপৰীয়া ১২ বজাত উদ্বোধন কৰা স্বৰচিত কবিতা পাঠ, বিয়ানাম,নাট্যভিনয় অনুষ্ঠানৰ সঞ্চালনা কৰে অসম সাহিত্য সভাৰ কাৰ্য্যনিবাহক সদস্য বিকাশ বৰুৱাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/acee06eb-37bc-4506-93aa-da9d5cb7f0c6/4ec941be-83e5-4b3e-b46d-fb84611e9bd9.jpg)
বিয়লি ১ বজাত ধেমাজি সদৰ কবি সমাজৰ সভাপতি উষা বুঢ়াগোঁহাইয়ে সভাপতিত্ব কৰা মুকলি সভাখনি আঁত ধৰে ধেমাজি সদৰ কবি সমাজৰ সম্পাদিকা ৰুণুমণি গগৈ চুতীয়াই ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে অসম কবি সমাজৰ সহকাৰী সম্পাদক ভূৱন দাস,পূৰ্বাঞ্চল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ধেমাজি কবি সমাজৰ প্ৰাক্তন সম্পাদক ড° মুনীন্দ্ৰ বুঢ়াগোঁহাই,অসম কবি সমাজৰ সদস্যৰ জয় কুমাৰ দলেকে ধৰি বহুকেইগৰাকী অতিথিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/de0d59fc-342c-453c-b448-072f0e18b60e/27b490a1-7305-49eb-a3fb-b321967101c5.jpg)
অনুষ্ঠানত ধেমাজি সদৰ শাখা কবি সমাজৰ কাব্য সংকলন টঙ্কেশ্বৰ ভৰালীৰ দ্বাৰা সম্পাদিত “লেছেৰি” কাব্য পত্ৰিকা উন্মোচন কৰে স্বৰ্ণপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা বিশিষ্ট লিখক বাবুল গগৈয়ে ৷ একেদৰে অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া লোকনাথ গগৈয়ে লিখি উলিওৱা “দেউতা” নামৰ গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট লিখক,সাহিত্যিক বগেন গগৈয়ে ৷ অনুষ্ঠানত ধেমাজি কবি সমাজৰ প্ৰতিষ্ঠাক প্ৰাক্তন সম্পাদক ড° মুনীন্দ্ৰ বুঢ়াগোহাঁই আৰু ধেমাজি কবি সমাজৰ প্ৰাক্তন সভাপতি চুচেন ভিতৰুৱাল কোৱঁৰক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷