/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/qqpjovfw/aswini-28.jpg)
ধেমাজি গ্ৰন্থ উৎসৱত “সংবাদ মাধ্যম আৰু নৱপ্ৰজন্ম” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন...
ডিজিটেল সংবাদ ধেমাজি: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ আজি তৃতীয় দিনা গ্ৰন্থ উৎসৱৰ বাকৰিত অনুষ্ঠিত হয় "সংবাদ মাধ্যম আৰু নৱ প্ৰজন্ম" শীৰ্ষক এখনি মনোজ্ঞ আলোচনাচক্ৰ৷ ধেমাজি প্ৰেছ ক্লাৱৰ তত্ত্বাৱধানত আয়োজিত এই আলোচনাচক্ৰত ধেমাজি প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক প্ৰদুম্ন্য ভৰালীয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ বিপৰীতে আঁতধৰে জ্যেষ্ঠ সাংবাদিক দীপেন ভিতৰুৱাল কোঁৱৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/r9yc2zv6/9acc7cab-0805-4202-ac1a-c77d622c8894.jpg)
ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাই সঞ্চালনা কৰা গুৰুত্বপূৰ্ণ আলোচনাচক্ৰখনিৰ উদ্বোধন কৰি ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি তথা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° উমা কান্ত শৰ্মাই বৰ্তমানৰ সাংবাদিকতা যথেষ্ট প্ৰত্যাহ্বানমূলক বুলি উল্লেখ কৰি আধুনিক প্ৰযুক্তিয়ে সংবাদ মাধ্যমক পূৰ্ণৰূপে গ্ৰাস কৰিছে বুলি মন্তব্য কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/qzpe3l7v/a40d5692-b11d-4770-8628-0e5a0ec04da3.jpg)
প্ৰায় তিনিশতাধিক গ্ৰন্থ প্ৰেমি লোক উপস্থিত থকা আলোচনাচক্ৰখনত সমল ব্যক্তি হিচাপে অংশ লৈ যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মহাশ্বেতা দেৱীয়ে সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যমৰ ভূমিকা আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কে বিশদভাৱে ব্যাখ্যা কৰে ৷
তেওঁ বৰ্তমানৰ গোলকীকৰণৰ যুগত নৱপ্ৰজন্মই সংবাদ মাধ্যমৰ সৈতে সংপৃক্ত হ'ব নোৱৰাৰ কথা উল্লেখ কৰে। তেওঁ ইয়াৰ কাৰণসমূহো পুংখানুপুংখভাৱে বিশ্লেষণ কৰে। সমল ব্যক্তি ড০ দেৱীয়ে আজিৰ নতুন প্ৰজন্ম কাইলৈ পুৰণি প্ৰজন্মলৈ পৰ্যবসিত হ'ব বুলি কৈ সংবাদ মাধ্যমৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত প্ৰতিজনে নৱপ্ৰজন্মৰ চাহিদা, ৰুচি আৰু গতিধাৰাৰ সৈতে খাপ খুৱাই সংবাদ মাধ্যমক আগুৱাই নিবলৈ আহ্বান জনায় ৷
ড০ মহাশ্বেতা দেৱীয়ে পুনৰ কয় ইণ্টাৰনেট, ফেচবুক, হোৱাটছএপকে ধৰি বিভিন্ন ডিজিটেল মাধ্যমত অতিপাত ব্যস্ত হৈ পৰিছে নৱপ্ৰজন্মসকল ৷ আলোচনী, সংবাদপত্ৰ পঢ়িবলৈ এওঁলোকে ইচ্ছা নকৰে ৷ মোবাইলৰ প্ৰতি বাঢ়ি আহিছে আসক্তি ৷ যাক নিয়ন্ত্ৰণ কৰিবলৈ উপায়হীন হৈ পৰিছে অগ্ৰজসকল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/11l7wzso/9aeb4f93-4962-471f-9fc9-a8ff7afb22b3.jpg)
তথাপি এই নতুন চামটোক উপেক্ষা নকৰি হাতত হাত ধৰি আগুৱাই নিবলৈ সচেষ্ট হ'ব লাগিব সংবাদ মাধ্যম ৷ তেওঁ এই দায়িত্ব পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ৷ উল্লেখযোগ্য যে অনুষ্ঠানটিত ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সম্পাদক জীৱন কোঁৱৰ, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সম্পাদক জয়ন্ত বৰগোহাঁই, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছং, অসম বাৰ্তাজীৱী সংঘৰ উত্তৰ-পূৱ মণ্ডলৰ উপ-সভাপতি ভাস্কৰ সভাপণ্ডিত, আছুৰ প্ৰাক্তন কাৰ্য্যনিৰ্বাহক ৰবি কছাৰীয়ে অংশগ্ৰহণ কৰে ৷
Also Read: গান্ধীবস্তিত পুনৰ ৰে'লৰ চেপাত এজনৰ মৃত্যু...