ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত পদত্যাগ

ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত পদত্যাগ

author-image
Asomiya Pratidin
New Update
ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত পদত্যাগ

ডিজিটেল সংবাদ, ধেমাজিঃ ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেম দত্তই শনিবাৰে পুৱাই আকস্মিকভাৱে জিলা সমিতিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে ৷ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ এক লিখিত পত্ৰ যোগে তেখেতৰ ঘৰুৱা অসুবিধাৰ কাৰণে পদত্যাগ কৰা বুলি জনাইছে যদিও মূলত লোক সভাৰ নিৰ্বাচনৰ আগমুহূৰ্ত্তত এনেদৰে দলৰ সভাপতি বিষয়বাব পদত্যাগ কৰা কাৰ্য্যই বিজেপি দলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

Advertisment

ইফালে তাৎক্ষণিকভাৱে বিজেপি দলৰ ৰাজ্যিক সভাপতি গৰাকীয়ে জিলা সভাপতি প্ৰেম দত্তৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি ততাতৈয়াকৈ কেইঘন্টামান মূহূৰ্ত্তৰ পিছতেই পূৰ্বৰ তদানীন্তন সভাপতি এগৰাকীকেই পুনৰ সভাপতি দায়িত্ব অৰ্পণৰ যো-যোজা চলাইছে বুলি জানিব পৰা গৈছে ৷

Also Read: লোকনিৰ্মাণ বিভাগৰ অৱজ্ঞা : মৰণফাণ্ডত পৰিণত ঢকুৱাখনাৰ ৰাজপথ

BJP ASSAM