/asomiyapratidin/media/media_files/2025/04/24/3ejZwcNy9VCJYaNorF1o.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ অহা ২ মে'ত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানকলৈ শাসকীয়, বিৰোধী দল আৰু অন্যান্য প্ৰতিদ্বন্দি প্ৰাৰ্থীসকলে নিজা নিজা ৰণকৌশল প্ৰস্তুত কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। তাৰ মাজতে বৃহস্পতিবাৰে ধেমাজি বিষ্ণুপুৰৰ বাসুদেও তিনি আলিৰ ফীল্ডত অনুষ্ঠিত হোৱা অগপ, বিজেপি, সন্মিলিত গণশক্তি মিত্ৰজোঁটৰ ১ আৰু ২ নং জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীদ্বয় লক্ষীধৰ শেনচোৱা আৰু কিলোমনি পেগু কোঁৱৰ নিৰ্বাচনী প্ৰচাৰ অভিযানতে ঘটিল অথন্তৰ।
উল্লেখ্য যে আজি কেইবা দিনেৰ পৰা প্ৰস্তুতি চলাই থকা উক্ত স্থানত অনুষ্ঠিত হ'ব লগা সভাখনলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিশেষভাৱে নিৰ্বাচনী প্ৰচাৰৰ অভিযান চলাবলৈ অহাৰ কথা আছিল। সেয়ে ধেমাজি জিলা বিজেপিৰ সভানেত্ৰীকে প্ৰমুখ্য কৰি বিষয়ববীয়া, কৰ্মকৰ্তাৰ লগতে মন্ত্ৰী ডাঃ ৰনোজ পেগু, সাংসদ প্ৰদান বৰুৱাকে ধৰি সমগ্ৰ দলীয় কৰ্মকতাই বহু টকা খৰছ কৰি সভাস্থলী আটকধুনীয়াকৈ সজাই তুলিছিল৷
দুয়োটা জিলা পৰিষদ সমষ্টিৰ শতাধিক ৰাইজে বিয়লি ২ বজাৰ পৰাই সন্ধিয়া ৬ বজাৰ পৰ্যন্ত নতুন ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ বাবে অপেক্ষা কৰি থাকিল যদিও সভাপতি শইকীয়া গৈ সেই সভাত উপস্থিত নহ’ল গৈ৷ ইফালে সভাৰ আৰম্ভণিৰে পৰা উপস্থিত থকা ৰাজ্য সভাৰ সাংসদ তথা অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অগপৰ সাধাৰণ তোলন কোঁৱৰ, কাৰ্যনিবাহক সদস্য ধনমনি দত্ত, সন্মিলিত গণশক্তি দলৰ উপ-সভাপতি যতীন চেতিয়াৰ উপস্থিতত এক ডেৰ ঘন্টা ধৰি সভাৰ হৈ যোৱা পিছতেই শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা আহি সভাত উপস্থিত হয়৷
ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই নিজৰ নিজৰ বক্তব্যত মিত্ৰজোঁটৰ প্ৰাৰ্থীদ্বয়ক জয়ী কৰাই নিবলৈ ভোট ভিক্ষা কৰি বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনাৰে থৰকা-সৰকা কৰাৰ বিপৰীতে মিত্ৰজোঁটৰ চৰকাৰৰ কামকাজসমূহত সন্তুষ্ট হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলায়৷ ইফালে সভাৰ আৰম্ভণিৰে পৰা ৰাজ্যিক সভাপতিগৰাকী আহিব বুলি বাৰম্বাৰ ঘোষকে ঘোষণা কৰিয়ে ৰাইজক বহাই ৰখা হৈছিল যদিও যেতিয়া বিয়লি ৫ বজাৰ পৰ্যন্ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সভাত উপস্থিত নহ’ল গৈ তেতিয়াহে ৰাইজৰ মাজত অথন্তৰ লাগিল৷
ৰাইজে অধৈৰ্য্য হৈ সভাকক্ষ এৰি সকলো ঘৰাঘৰি হ'বলৈ ধৰে৷ তেতিয়া সভাত উপস্থিত থকা মন্ত্ৰী, সাংসদ, ৰাজ্য সভাৰ সাংসদ অগপ, বিজেপি আৰু সন্মিলিত গণশক্তি মিত্ৰজোটৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলে উপায়ন্তৰ হৈ পৰে৷ মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কিংকর্তব্যবিমূঢ় হৈ নিজে ঘোষণা স্থলীত উপস্থিত হৈ সভাপতিগৰাকী আহি নোপোৱাৰ বাবে ৰাইজক ক্ষমা ভিক্ষা বিচাৰে৷
আনফালেদি বিয়লি পলমকৈ লখিমপুৰ পৰা আহি ধেমাজি বিজেপি কাৰ্য্যালয়ত উপস্থিত হৈ অলপ সময় থকা পিছতেই সভাপতি শইকীয়াই ধেমাজিৰ পৰা মাজুলীলৈ ৰাওনা হয়৷দলৰ কোনো কৰ্মী নেতাই মুকলিকৈ প্ৰকাশ নকৰিলেও কিন্ত এনে ঘটনাই মিত্ৰজোটৰ কৰ্মকৰ্তাসকলৰ লগতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us