/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/771119e1-41e7-402d-9543-5768ad512a4d/4.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি অসামৰিক চিকিৎসালয়খনত চিকিৎসকৰ লগতে নাৰ্চ আৰু বিভাগীয় কৰ্মচাৰীৰ সকলৰ দীৰ্ঘদিনৰ পৰা অনিয়মীয়া উপস্থিতিয়ে সমস্যাৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইৰ নেতৃত্বত এটি সজাতি দলে শনিবাৰে ধেমাজি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি ৰোগীসকলৰ লগত চিকিৎসালয়ত পৰা প্ৰদান কৰা সেৱা আৰু চিকিৎসকৰ লগতে বিনামূলীয়া ঔষধৰ সন্দৰ্ভত মত বিনিময় কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/55a5b1cd-70a9-4158-b4b0-52a394df6a3e/a5926e06-c2b4-494c-a0b3-e6cf1e30c6d3.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/74847bb2-e2ea-4533-9a7d-df37e205f7e8/3726ecad-4efa-483f-bc62-0e7695fc6be2.jpg)
উল্লেখ্য যে, ধেমাজি অসামৰিক চিকিৎসালয়খনত চিকিৎসকৰ লগতে নাৰ্চ আৰু বিভাগীয় কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতি সন্দৰ্ভত চৰকাৰী ধনৰ অপব্যৱহাৰ আৰু বিভিন্ন বেমেজালি, বিসংগতি হোৱাৰ অভিযোগ কৰে। ধেমাজি অসামৰিক চিকিৎসালয়ত ৰেডিঅ’লজিষ্ট, পেথলজিষ্ট, স্ত্ৰীৰোগ বিশেষজ্ঞ, অৰ্থপেডিক্স, আদি বিভিন্ন বিভাগৰ মুৰব্বী চিকিৎসকৰ অভাৱ শীৰ্ঘে পূৰন কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধেমাজি অসামৰিক চিকিৎসালয়খন স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ধেমাজিলৈ ছাত্ৰ সন্থাই আমন্ত্ৰণ জনাইছে ৷ উক্ত বেমেজালি, বিসংগতিসমূহৰ উচিত তদন্ত কৰিবলৈ বিভাগীয় কৃৰ্তপক্ষ আৰু চৰকাৰৰ স্বাস্থ্য বিভাগলৈ দাবী জনায় ৷
Also Read: আজি আন্তৰ্জাতিক অলিম্পিক দিৱস...