/asomiyapratidin/media/media_files/2025/03/13/0Man3FystduhmfFqtTzQ.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ যি সময়ত ৰাজ্যত শাসন চলাই থকা বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈছে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ হুংকাৰ দিছে সেই সময়তে আকৌ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদকৰিবলগীয়া হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
ধেমাজি জিলাৰ পাঁচটাকৈ উন্নয়নখণ্ডত হোৱা দুৰ্নীতি, অনিয়মৰ তদন্তৰ দাবীৰে আজি ধেমাজি জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্যে যে, জিলাখনৰ পাঁচটা উন্নয়নখণ্ড ক্ৰমে ধেমাজি, চিচিবৰগাওঁ, মাছখোৱা, বৰদলনি আৰু মুকংচেলকত চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ কামকাজত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে।
এনে অভিযোগৰ পাছতে এতিয়া ন্যায়িক পৰ্যায়ৰ তদন্তৰ জৰিয়তে দুৰ্নীতি নিৰ্মূলৰ ব্যৱস্থা কৰি আঁচনিসমূহৰ সফল ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। আজি ধেমাজি জিলা ছাত্ৰ সন্থাই এই দাবীৰে ধেমাজি নগৰত বিজেপি চৰকাৰ গ’বেক, বিজেপি চৰকাৰৰ দুৰ্নীতি শীঘ্ৰেই বন্ধ কৰক, গ্ৰামোন্নয়ন বিভাগৰ দুৰ্নীতি বন্ধ কৰক, বিজেপি চৰকাৰৰ কমিচনৰাজ বন্ধ কৰক, দুৰ্নীতি চলিবলৈ দিয়া নহ’ব আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।
তাৰোপৰি বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ কমিচনৰাজ বন্ধ কৰিবলৈয়ো দাবী উত্থাপন কৰে। ছাত্ৰ সন্থাৰ কৰ্মীসকলে আজি প্ৰায় ডেৰ ঘণ্টাতকৈ অধিক সময় অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা, কাৰ্য্যনিৰ্বাহক বিকাশ মিছঙকে ধৰি ধেমাজি জিলা আৰু আঞ্চলিকসমূহৰ বিষয়ববীয়াসকলে।
কাৰ্য্যসূচীৰ অন্তত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সম্পাদক জয়ন্ত বৰগোহাঁইৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসলৈ প্ৰেৰণ কৰে। তাৰোপৰি এই স্মাৰক পত্ৰৰ প্ৰতিলিপি ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়ালৈয়ো প্ৰেৰণ কৰে৷