/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/12ff8c33-bd63-4ee7-a47b-32eb6010c018/DHEMAJI 16.jpg)
ধেমাজিত CAA ক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰে জাৰি কৰা অধিসূচনাৰ বিৰুদ্ধে প্ৰতিবাদ...
ডিজিটেল সংবাদ ধেমাজি: নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসম চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসম তথা ভাৰতলৈ অহা বিদেশী নাগিৰক সংক্ৰান্তিয় কোনো গোচৰ বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ নকৰিবলৈ দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে ধেমাজি জিলা ছাত্ৰ সন্থায়ো ধেমাজিত নাগৰিকত্ব সংসোধনী আইনৰ অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f81fd58b-e77e-4537-b35d-946270c95fea/e784aa4d-6856-4845-b2db-d12a3f27513e.jpg)
মঙ্গলবাৰে দিনৰ ১ বজাত প্ৰায় ডেৰ শতাধিক আছু কৰ্মীয়ে হাতে-হাত বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ বিজেপি চৰকাৰ গ'বেক, 'কা' আমি নামানো, বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় ইত্যাদি শ্লোগানেৰে প্ৰতিবাদ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সম্পাদক জয়ন্ত বৰগোহাঁই, কাৰ্যনিৰ্বাহক বিকাশ মিছিং, জিলা উপদেষ্টাদ্বয় মণ্টুৰাজ বৰুৱা, ৰবি কছাৰী আৰু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দীপক শৰ্মাই বক্তব্য প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0c341340-9a79-4c3a-8053-3cb65376a391/d96488f9-26ab-4823-930c-f53827e12658.jpg)
তেওঁলোকে বিজেপি চৰকাৰখনে খিলঞ্জীয়া মানুহক নিঃশেষ কৰিবলৈ লোৱা জাতি ধ্বংসী এই ষড়যন্ত্ৰ কাৰ্য কেতিয়াও সফল হ'বলৈ নিদিওঁ বুলি হুংকাৰ দিয়ে। লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ উপৰিও আইনী যুঁজো সমান্তৰালকৈ অব্যাহত থাকিব বুলি সকিয়াই দিছে।
Also Read: গৌৰী লংকেশ হত্যাকাণ্ডঃ মিছা সাক্ষ্য দিবলৈ বাধ্য কৰিছিল আৰক্ষীয়ে...