মাতৃ ভাষা মাধ্যম বিৰোধী চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ধেমাজি আছুৰ প্ৰতিবাদ...

মাতৃ ভাষা মাধ্যম বিৰোধী চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ধেমাজি আছুৰ প্ৰতিবাদ...
মাতৃ ভাষা মাধ্যম বিৰোধী চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ধেমাজি আছুৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ ধেমাজিঃ মাতৃভাষা মাধ্যম বিৰোধী চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। জিলা আছু কৰ্মীসকলে হাতে- হাতে বেনাৰ, পোষ্টাৰ প্লে'ৰ্কাড লৈ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ কাম নাই, অসম চৰকাৰ হায়-হায়, মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধৰ ষড়যন্ত্ৰ শীঘ্ৰেই বন্ধ কৰক, ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান কেৱল ইংৰাজীত পঢ়োৱাৰ সিদ্ধান্ত বাতিল কৰক, ছাত্ৰ ঐক্য জিন্দাবাদ ইত্যাদি শ্লো'গানেৰে প্ৰতিবাদী মিচিল বাহিৰ কৰে।

ছাত্ৰ সন্থাৰ কৰ্মীসকলে ধেমাজি থানা তিনিআলি পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জিলা আয়ুক্তৰ কাৰ্য্যালয়লৈকে প্ৰতিবাদ কৰি আহি আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বহু সময় ধৰি অৱস্থান ধৰ্মঘট কৰে। সমান্তৰালকৈ আছু কৰ্মীসকলে প্ৰতিবাদ জনাই শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰে৷

মাতৃ ভাষা মাধ্যম বিৰোধী চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ধেমাজি আছুৰ প্ৰতিবাদ...
কোকৰাঝাৰত যুৱকক আক্ৰমণঃ গুৰুতৰভাৱে আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in