মিচিং স্বায়ত্ব পৰিষদত অন্তভুৰ্ক্ত অনামিচিং গাওঁসমূহ শীঘ্ৰেই কৰ্তনৰ দাবী...

ধেমাজি জিলা অনামিচিং সুৰক্ষা সমিতিৰ সংবাদ মেল
মিচিং স্বায়ত্ব পৰিষদত অন্তভুৰ্ক্ত অনামিচিং গাওঁসমূহ শীঘ্ৰেই কৰ্তনৰ দাবী...
মিচিং স্বায়ত্ব পৰিষদত অন্তভুৰ্ক্ত অনামিচিং গাওঁসমূহ শীঘ্ৰেই কৰ্তনৰ দাবী...
Published on
Updated on

ডিজিটেল সংবাদ ধেমাজি: মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ লগতে আগন্তুক পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে প্ৰকাশ কৰা খচৰা তালিকাত ধেমাজি জিলাখনৰ বিভিন্ন অনামিচিং গাওঁ মিচিং স্বায়ত্ব শাসিত পৰিষদত অন্তভুৰ্ক্ত হোৱা কাৰ্যয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বুধবাৰে বিয়লি ৩ বজাত ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত অংশ লৈ সদৌ আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈয়ে কয় যে, আগষ্ট মাহত চৰকাৰে প্ৰকাশ কৰা মিচিং পৰিষদীয় সমষ্টিৰ খচৰা তালিকাখন কেৱল জিলা আয়ুক্তৰ জাননী ফলকত আঁৰিয়ে দায়িত্ব সামৰিলে ৷ কিয় পঞ্চায়তে পঞ্চায়তে সেই খচৰা তালিকা প্ৰকাশ কৰাৰ পৰিৱৰ্তে অনামিচিঙ ৰাইজৰ পৰা গোপন কৰা হ'ল?

তেওঁ অভিযোগ কৰি কয় যে, চৰকাৰ তথা জিলা প্ৰশাসনে অনামিচিঙক অন্ধকাৰত ৰাখি কৌশলেৰে অনামিচিঙৰ অঞ্চলসমূহ মিচিং পৰিষদীয় সমষ্টিত গোপনে অন্তৰ্ভুক্ত কৰাৰ এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ ক্ষুব্ধ নেতাজনে চৰকাৰৰ এনে অনৈতিক আৰু কুচক্ৰান্তমূলক অভিসন্ধিৰ প্ৰৱল বিৰোধিতা কৰি অহা ২০ ছেপ্তেম্বৰত ধেমাজি সদৰত ধেমাজি জিলা অনামিচিং সুৰক্ষা সমিতিয়ে গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি মন্তব্য কৰে ৷

আটাছুৰ নেতাজনে এই গণ প্ৰতিবাদত জিলাখনৰ প্ৰায় ২০ হাজাৰ অনামিচিং লোকে অংশগ্ৰহণ কৰি নিজৰ স্বাধিকাৰ ৰক্ষাৰ সংগ্ৰামত অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰে ৷ সংবাদমেলত অনামিচিং সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি ভৱিষ্য দিহিঙীয়াই কয় যে ২০১৩ তো ধেমাজি জিলাৰ অনামিচিং ৰাইজে এম এ চিৰ বলপূৰ্বক তথা ষড়যন্ত্ৰমূলক খচৰাৰ বিৰোধিতা কৰি এক প্ৰৱল গণ আন্দোলন কৰি মুঠ ১১৭ খন গাঁও কৰ্তন কৰাবলৈ চৰকাৰক বাধ্য কৰাইছিল ৷

পুনৰ এনে গণ আন্দোলন কৰাৰ বাবে পৰিৱেশ শেহতীয়াকৈ চৰকাৰে ৰচনা কৰিছে৷ ইপিনে এটা জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ গৈ অন্য দহটা জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিবলৈ লোৱাৰ কাৰ্যক সমালোচনা কৰে সদৌ তাই আহোম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তথা চিলাপথাৰ জনগোষ্ঠীয় কেন্দ্ৰীয় সুৰক্ষা সমিতিৰ উপ-সভাপতি দুলাল বৰুৱা আৰু চিলাপথাৰ জনগোষ্ঠীয় কেন্দ্ৰীয় সুৰক্ষা সমিতিৰ সম্পাদক বিপুল চেতিয়াই।

মিচিং স্বায়ত্ব পৰিষদত অন্তভুৰ্ক্ত অনামিচিং গাওঁসমূহ শীঘ্ৰেই কৰ্তনৰ দাবী...
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নতুন সমষ্টি সীমা নির্ধাৰণ সন্দৰ্ভত সংবাদ মেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in