শিঙিজান নদীৰ সমীপত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ...

শিঙিজান নদীৰ সমীপত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি জিলাৰ অন্তৰ্গত বৰদলনি আৰক্ষী চকীৰ অন্তৰ্গত শিঙিজান নদীৰ ৰে'লৱে দলঙৰ তলত বুধবাৰে পুৱাই এটা অৰ্ধগলিত মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ মৃতদেহৰ মুখমণ্ডল গলি যোৱা ফলত আৰক্ষীয়ে মৃতদেহ চিনাক্ত কৰিব পৰা নাই।

বৰদলনিৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ বৈশ্যই জনোৱা মতে মেৰুণ ৰঙৰ টি-চাৰ্ট আৰু জিনছ পেন্ট পৰিহিত অৱস্থাত আছিল মৃতদেহটো। বহুকেইদিন ধৰি উক্ত ঠাইত মৃতদেহটো পৰি থকা বাবে অঞ্চলটোত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। অৱশ্যে এই মৃতদেহটো ক'ৰ পৰা কেনেকৈ আহি উক্ত স্থান পাই জানিব পৰা হোৱা নাই।

বৰদলনি আৰক্ষীয়ে মৃতদেহটো বুধবাৰে বিয়লি প্ৰায় ২ বজাত মৰোণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ চিনাক্তকৰণৰ বাবে মৃতদেহটো অহা ২২ ছেপ্টেম্বৰলৈকে ধেমাজি অসামৰিক চিকিৎসালয়তে ৰখা ব্যৱস্থা কৰা হৈছে বুলি বৰদলনি আৰক্ষীয়ে জানিবলৈ দিছে ৷

শিঙিজান নদীৰ সমীপত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ...
লোকসভাত মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধীতা কৰিলে কোন ২ সাংসদে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in