উৎকোচ লৈ জালত পৰিল ধেমাজি বিদ্যালয় উপ -পৰিদৰ্শক কাৰ্য্যালয়ৰ কৰ্মচাৰী...

উৎকোচ লৈ জালত পৰিল ধেমাজি বিদ্যালয় উপ -পৰিদৰ্শক কাৰ্য্যালয়ৰ কৰ্মচাৰী...

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ জালত পৰিল ধেমাজি বিদ্যালয় উপ -পৰিদৰ্শক কাৰ্য্যালয়ৰ কৰ্মচাৰী...

ডিজিটেল সংবাদ, ধেমাজি: বৰ্তমানেও একাংশ চৰকাৰী কৰ্মচাৰীয়ে ঘোচ ল’বলৈ কুণ্ঠাবোধ নকৰা হৈছে ৷ চৰকাৰে যিমানে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে সিমানে ধন লোৱাত ব্যস্ত একাংশ চৰকাৰী কৰ্মচাৰী ৷

Advertisment

বুধবাৰে ধেমাজি বিদ্যালয়সমূহৰ উপ-পৰিৰ্দশকৰ কাৰ্যালয়ত কাৰ্যালয়টোৰ জ্যেষ্ঠ সহায়ক দিগন্ত গগৈ উৎকোচ লোৱা সময়ত হাতে লুটে ধৰা পৰে। বৰদলনিৰ হৰমোহন শইকীয়া নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা পেঞ্চনৰ কাম কৰি দিয়াৰ বাবদ প্ৰথমে ১০ হাজাৰ টকা উৎকোচ বিচাৰি শেষত ৭ হাজাৰ লওঁতেই দুৰ্নীতি নিৰ্বাৰক শাখাৰ এটা দলে হাতেলোটে কৰ্মচাৰীজনক আটক কৰে ৷

২০২৩ চনৰ নৱেম্বৰত অৱসৰ গ্ৰহন কৰা শিক্ষক হৰমোহন শইকীয়াই তেওঁৰ পেঞ্চনৰ কামটো কৰি দিবলৈ বহুদিন ধৰি জ্যেষ্ঠ সহায়ক কৰ্মচাৰীজনক অনুৰোধ কৰি অহা পিছতো কৰ্মচাৰীজনে ধন নোপোৱাৰ বাবেই গুৰুত্ব দিয়া নাছিল৷ ইতিমধ্যে আটক কৰা কৰ্মচাৰী গগৈৰ লগতে তেওঁৰ কৰ্মত কাৰ্য্যালয়ত দুৰ্নীতি নিৰ্বাৰক শাখাই তদন্ত অব্যাহত ৰখাৰ লগতে কৰ্মচাৰী দিগন্ত গগৈক সোধাপোচা অবাহত ৰাখিছে ৷

cm vigilance dhemaji