ধেমাজিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সপ্তম প্ৰতিষ্ঠা দিৱস পালন...

ধেমাজি জিলাৰ গোগামুখৰ দিৰপাই চাপৰিত ২০১৭ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছিল ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ ।

author-image
Asomiya Pratidin
New Update
ধেমাজিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সপ্তম প্ৰতিষ্ঠা দিৱস পালন...

প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ গোগামুখৰ দিৰপাই চাপৰিত ২০১৭ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছিল ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ । এই প্ৰতিষ্ঠানটোৰ সপ্তম প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ৷

Advertisment

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে আদৰ্শ কৃষক সকলক ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা বহুকেইজন লোকক সম্বৰ্ধনা জনোৱা হয় । লখিমপুৰৰ ৰজত পাৱ, গোগামুখৰ গিৰিজা প্ৰসাদ দলে, লখিমপুৰৰ বনশ্ৰী হাজৰিকা, শান্তিপুৰৰ অনুজ দলে আৰু লখিমপুৰৰ জয় পেগুক আদৰ্শ কৃষক হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

প্ৰতিষ্ঠা দিৱস পালন
প্ৰতিষ্ঠা দিৱস পালন

অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ পাচিঘাট কলেজ অফ হৰ্টিকালছাৰ এণ্ড ফৰেষ্টিৰ মূৰব্বী অধ্যাপক ড° বি এন হাজৰিকা, কৃষি বিজ্ঞানী ড° প্ৰৱাল শইকীয়া, বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে ধেমাজি জিলাৰ উপায়ুক্ত অংকুৰ ভৰালী আৰু বহুকেইগৰাকী জ্যেষ্ঠ বিজ্ঞানী উপস্থিত থাকে । প্ৰতিষ্ঠা দিৱসৰ ভাষণত ধেমাজি জিলাৰ উপায়ুক্ত অংকুৰ ভৰালীয়ে ধেমাজি জিলাখন উদ্যোগৰ বাবে নহয়, কেৱল কৃষিৰ বাবেহে উপযুক্ত বুলি ব্যক্তব্য ৰাখে। অনুষ্ঠানত উপস্থিত থকা বিভিন্ন গণ্যমান্য ব্যক্তি সকলে নিজ নিজ ভাষণত কৃষি কৰ্মৰ লগত জড়িত হবলৈ আহ্বান জনাই আৰু কৃষি কৰ্মৰে স্বাৱলম্বন হবলৈ অনুপ্ৰেৰণা দিয়ে।

সম্বৰ্ধনা
সম্বৰ্ধনা

Also Read: জলবিস্ফোৰণঃ গৃহহীন হৈ পৰা একাংশই আশ্ৰয় লৈছে প্ৰাথমিক বিদ্যালয়ত

indian agricultural research institude foundation day celebration