ধেমাজিত 'কা' আন্দোলনৰ পঞ্চ ছহিদক স্মৰণ কৰি বন্তি প্ৰজ্বলন...

'কা'ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ
ধেমাজিত 'কা' আন্দোলনৰ পঞ্চ ছহিদক স্মৰণ কৰি বন্তি প্ৰজ্বলন...
ধেমাজিত 'কা' আন্দোলনৰ পঞ্চ ছহিদক স্মৰণ কৰি বন্তি প্ৰজ্বলন...

ডিজিটেল সংবাদ ধেমাজিঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সমগ্ৰ অসমৰ লগতে শুকুৰবাৰে ধেমাজিতো ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই ‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ ছহিদক স্মৰণ কৰি ছহিদ বেদী প্ৰাংগণত সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্য্যসূচী অনুষ্ঠিত কৰে ৷

কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দিপক শৰ্মা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয় সম্পাদক পুলকিত দত্ত, ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শান্তনু বৰগোহাঁই, সম্পাদক অসীম বৰগোহাঁই, ধেমাজিৰ বিশিষ্ট সাহিত্যিক বিমল ৰাজখোৱা, প্ৰাক্তন ছাত্ৰ নেতা ঘনকৃষ্ণ বৰগোহাঁই, অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক ক্যাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱাকে ধৰি ধেমাজি সাৰ্বজনীন বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে অৰ্ধশতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকে ৷

বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত থকা সকলোৱে একেমুখে জাতি ধবংসী 'কা'ৰ বিৰোধিতা কৰাৰ লগতে আগন্তুক দিনত 'কা' ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি যাব বুলি চৰকাৰক সকিয়াই দিয়ে ৷

ধেমাজিত 'কা' আন্দোলনৰ পঞ্চ ছহিদক স্মৰণ কৰি বন্তি প্ৰজ্বলন...
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in