অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা সমাজসেৱিকা অমিয়া তামুলী বৰুৱাৰ গ্ৰন্থ উন্মোচন

অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা সমাজসেৱিকা অমিয়া তামুলী বৰুৱাৰ গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা সমাজসেৱিকা অমিয়া তামুলী বৰুৱাৰ গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ , ধেমাজি: ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, সমাজসেৱিকা ধেমাজিৰ অমিয়া তামুলী বৰুৱাৰ এখন গ্ৰন্থ উন্মোচন হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 'সাহসৰ প্ৰতিভূ' সেৱাব্ৰতী অমিয়া তামুলী বৰুৱাৰ গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে লখিমপুৰ শিক্ষক প্ৰশিক্ষন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰেখা ফুকনে ৷

এই উপলক্ষে ধেমাজি উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাৰ সভাপতিত্ব কৰে ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° কবিতা গগৈয়ে ৷ সভাৰ আৰম্ভণিতে ভাৰতীয় মহিলা সংঘৰ সদস্যা অয্যোধ্যা পেগুৱে বন্তি প্ৰজ্বলন কৰা পিছতেই গ্ৰন্থ উন্মোচনী সভাৰ উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহৰ উপদেষ্টা তথা আইদেউ সন্দিকৈ বটাঁ প্ৰাপক বিমলা গগৈয়ে ৷

অমিয়া তামুলী বৰুৱাৰ পৰিয়ালবৰ্ষই অতিথি সকলক ফুলাম গামোছাৰে সম্বধৰ্না জনায়৷ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী , সমাজসেৱিকা সাহসৰ প্ৰতিভূ সেৱাব্ৰতী অমিয়া তামুলী বৰুৱাৰজীৱন ,দৰ্শন আৰু তেখেতৰ কৰ্মৰাজীকলৈ আলোকপাত কৰে অৱসৰপ্ৰাপ্ত জিলা গ্ৰামোন্নয়ন বিষয়া নৰেন পাৱ , ধেমাজি খণ্ড উন্নয়ন খণ্ডৰ জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া নবীন কামান , কঢ়াকান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন দত্ত, লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সম্পাদিকা মৰমী হাজৰিকা , অসমডনবস্ক' বিশ্ববিদ্যালয় স্কুল অৱ টেকন'লজীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই , কুসুম বৰা , ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দেৱজ্যোতি কছাৰীৰ প্ৰমুখ্যে বহুকেইগৰাকীয়ে ৷

অনুষ্ঠানত কবিতা পাঠকৰে ধেমাজি ছোৱালী উচ্চতৰ মাধ্যিমক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্তঅধ্যক্ষা বিনীতা গাৰোদিয়া চৌধুৰী ,জানমনি সজাতি আৰু পূৰ্ৰবী কাকতিয়ে ৷ সভাৰ মাজতে শিল্পী দুদুমনি দাফলাৰী, ৰূপজ্যোতি দত্ত , জাগ্ৰভ বৰকটকীয়ে গোৱা একোটিকৈ গীতৰ লগতে কণমানি চুনুমণি বৰকটকীয়ে বজোৱা ভায়লিনে উপস্থিত সকলোকে আপ্লুত কৰে৷

Also Read: মন্ত্ৰী অতুল বৰাক কাষত লৈ কাজিৰঙাৰ দ্বাৰ মুকলি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ