চিলাপথাৰত শিশু আলোচনী উন্মোচন

উক্ত অনুষ্ঠানত আলোচনীখন উন্মোচন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। শিশু সকলক উৎসাহিত কৰিবলৈ গঠন হোৱা অনুষ্ঠানটোৰ ব্যতিক্ৰমী কৰ্মসূচীক ভূয়সী প্ৰশংসা কৰে সাংসদ গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,চিলাপথাৰঃ  চিলাপথাৰত দেওবাৰে এখন শিশু আলোচনী উন্মোচন কৰা হয়। শিশু সকলৰ শাৰিৰীক, মানসিক আৰু শৈক্ষিক দিশৰ উন্নয়নৰ লক্ষ্যৰে ২০১৭ চনৰ ২ নবেম্বৰত ভূমিষ্ঠ হোৱা মন এটা আশা শীৰ্ষক শিশু অনুষ্ঠানখনৰ মুখ্য কাৰ্যালয়ত এক গাম্ভীৰ্য্যপূৰ্ণ উন্মোচনী সভা অনুষ্ঠিত হয়।

Advertisment

উক্ত অনুষ্ঠানত আলোচনীখন উন্মোচন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। শিশু সকলক উৎসাহিত কৰিবলৈ গঠন হোৱা অনুষ্ঠানটোৰ ব্যতিক্ৰমী কৰ্মসূচীক ভূয়সী প্ৰশংসা কৰে সাংসদ গৰাকীয়ে। শিশু সকলৰ মঙ্গলৰ বাবে প্ৰতিষ্ঠা কৰা এনে অনুষ্ঠানৰ প্ৰতি চৰকাৰৰ সদায় সহযোগ থাকিব বুলিও তেওঁ উল্লেখ কৰে।

আলোচনী উন্মোচনৰ পাছত কেবাটাও সৃষ্টিমূলক নৃত্য প্ৰদৰ্শন কৰে লগতে উদ্দীপন শীৰ্ষক এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। মন এটা আশাৰ সঞ্চালক মুনমি বুঢ়াগোহাঁই আৰু লক্ষ্যমনি বৰাই আঁতধৰা উন্মোচনী সভাৰ উন্মোচক হিচাপে উপস্থিত থাকে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা কণ্ঠ শিল্পী কৰে ডঃ বনঞ্জিৎ ভট্ৰ।

 অনুষ্ঠানত উপস্থিত থাকে চিলাপথাৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জিত শইকীয়া,RVC আকাজানৰ সঞ্চালক লুইত গোস্বামী, সমাজকৰ্মী জীতু দত্ত,পঞ্চায়ত সভানেত্ৰী ৰিংমনি বৰা‌,জ্যেষ্ঠ সাংবাদিক লভিৰণ বৰি,মোহন পাংগিং আদি বহু বিশিষ্ট লোক। অনুষ্ঠানত শিশু সকলে অংকন কৰা কেবাটাও মনোমোহা চিত্ৰ অতিথি সকলক উপহাৰ দিয়ে।

চিলাপথাৰ ধেমাজি