গোগামুখৰ ৰূপহী জলপ্ৰপাতত সন্ধানহীন দুই যুৱকৰ নিথৰ দেহ উদ্ধাৰ...

এছ ডি আৰ এফ বাহিনী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহ

author-image
Asomiya Pratidin
New Update
গোগামুখৰ ৰূপহী জলপ্ৰপাতত সন্ধানহীন দুই যুৱকৰ নিথৰ দেহ উদ্ধাৰ...

গোগামুখৰ ৰূপহী জলপ্ৰপাতত সন্ধানহীন দুই যুৱকৰ নিথৰ দেহ উদ্ধাৰ...

ডিজিটেল সংবাদ গোগামুখঃ গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ শুকুৰবাৰে নিখোজ হৈ থকা দুজন যুৱকক আজি উদ্ধাৰ কৰা হৈছে। সন্ধনহীন হোৱা নামচাই জিলাৰ লংলেট লাওচাক এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰাৰ বিপৰীতে গোগামুখৰ তাজিক গাঁৱৰ গোলাপ পেগুৰ মৃতদেহ জলপ্ৰপাতৰ পৰা দুই কিলোমিটাৰ নিলগত উদ্ধাৰ কৰে স্থানীয় ৰাইজে।

Advertisment

উল্লেখ্য যে, শুকুৰবাৰে পুৱা প্ৰায় ৯ মান বজাত গোগামুখৰ পৰা এটা যুৱকৰ দলে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি গা ধুবলৈ গৈছিল ৰূপহী জলপ্ৰপাতত। তাৰ পাছতে সংঘটিত হৈছিল এই শোকাৱহ ঘটনা।

শুকুৰবাৰেই এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও নিশাৰ ভাগত উদ্ধাৰ অভিযান বন্ধ ৰাখিছিল। আজি পুৱাৰে পৰা পুনৰ উদ্ধাৰ অভিযান চলাই অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লংলেট লাওচা নামৰ যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে আনজন যুৱক গোলাপ পেগুক ঘটনাস্থলীৰ পৰা দুই কিলোমিটাৰ নিলগত স্থানীয় ৰাইজে মৃত অৱস্থাত উদ্ধাৰ কৰে। সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Also Read: মুখ্যমন্ত্ৰী যাব, চাব...

গোগামুখ