![ধেমাজিত যুৱ মৰ্চাৰ নেতাই আৰক্ষীৰ সন্মুখতে শূন্যলৈ চলালে গুলী...](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/19/jIIywF8fDjeNZVAqXQfK.jpg)
ধেমাজিত যুৱ মৰ্চাৰ নেতাই আৰক্ষীৰ সন্মুখতে শূন্যলৈ চলালে গুলী...
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলাৰ মাছখোৱা অঞ্চলৰ চিচিমুখৰ মথাউৰি ওপৰত বুধবাৰে ৰাতি জিলা পৰ্যায়ৰ বিজেপিৰ যুৱ মৰ্চাৰ নেতাই আৰক্ষীৰ সন্মুখতে শূন্যলৈ গুলী চালনা কৰাৰ ঘটনাই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে এজন উদণ্ড যুৱকে আকৌ ৰাজ পথেৰে যোৱা কেইবাখনো বাহন শিল দলিয়াই ক্ষতি সাধন কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।
ঘটনাৰ তথ্যমতে বুধবাৰে ৰাতি প্ৰায় ৮.৩০ মান বজাত মাছখোৱা আৰক্ষী থানাৰ অন্তৰ্গত চিচিমুখৰ মথাউৰি ওপৰত যুৱমৰ্চাৰ নেতাগৰাকীৰ সৰ্তীথৰ গাড়ীত কোনো উদণ্ড যুৱকে শিল দলিয়াই গাড়ীৰ ক্ষতিসাধন কৰা বুলি ফোন যোগে জানিব পাৰে। তাৰ পাছতেই ততাতৈয়াকৈ ঘটনাস্থলীত গৈ উপস্থিত হয় ৰিদিপ দত্ত ৷
ইফালে একে সময়তে মাছখোৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ গগৈৰ সৈতে যোৱা এটা আৰক্ষী দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰাৰ সময়তে আৰক্ষীৰ উপস্থিতিতে বিজেপিৰ যুৱ মৰ্চাৰ নেতাগৰাকীয়ে হাতত থকা পিষ্টল লৈ শূন্যলৈ গুলীচালনা কৰে। আনহাতে কোনো কাৰণ নোহোৱাকৈ নীৰৱ দলে নামৰ উদণ্ড যুৱকজনে ডিব্ৰুগড়ৰ চিচিমুখৰ মথাউৰি হৈ ঢকুৱাখনা মাজুলি দিশে যোৱা গাড়ীলৈ যধেমধে শিল দলিয়াই পাঁচখন গাড়ীৰ ক্ষতিসাধন কৰে।
ইতিমধ্যে উদণ্ড যুৱক নীৰৱ দলেৰ বিৰুদ্ধে ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ সুৰুজ চেতিয়াই এজেহাৰ দাখিল কৰিছে ৷ তেওঁৰ অভিযোগ অনুসৰি চেতিয়াই ডিব্ৰুগড়ৰ চিকিৎসালয়ত ৰোগী থৈ ঢকুৱাখনালৈ ঘূৰি আহি থকা অৱস্থাতে উদণ্ড যুৱকজনে তেওঁৰ গাড়ীলৈ শিল দলিয়াই গাড়ীখনৰ ক্ষতিসাধন কৰিছে।
ইফালে ঘটনাৰ পিছতেই ৰাতিয়েই শূন্যলৈ গুলী চালনা কৰা ধেমাজি জিলা পৰ্যায়ৰ বিজেপিৰ যুৱ মৰ্চাৰ নেতা ৰিদিপ দত্তৰ লগতে উদণ্ড যুৱক নীৰৱ দলেকো মাছখোৱা আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন দুয়োকে মাছখোৱা আৰক্ষীয়ে বৃহস্পতিবাৰে ধেমাজি সদৰ আৰক্ষী থানত সন্ধিয়া পৰ্যন্ত আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে।
জানিব পৰামতে শূন্যলৈ গুলী চালনা কৰা যুৱ মৰ্চাৰ নেতা ৰিদিপ দত্তৰ বিৰুদ্ধে ২২০/২০২৪ আৰু উদণ্ড যুৱক নীৰৱ দলেৰ বিৰুদ্ধে ২১৯/২০২৪ নম্বৰত সুকীয়া সুকীয়াকৈ দুটি গোচৰ ৰোজুৰ হৈছে ৷ যুৱ মৰ্চাৰ এগৰাকী জিলা পৰ্যায়ৰ নেতাই নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে আৰক্ষীৰ সন্মুখতেই এইদৰে মুকলিকৈ শূন্যলৈ গুলী চালনা কৰাৰ ঘটনাক সহজভাৱে লোৱা নাই সাধাৰণ ৰাইজে। সকলোৱে এই ঘটনাত আশ্চৰ্য প্ৰকাশ কৰিছে।