দুদিনীয়া ভৈৰৱপুৰ আঞ্চলিক বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অধিৱেশনৰ অন্ত

দুদিনীয়া ভৈৰৱপুৰ আঞ্চলিক বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অধিৱেশনৰ অন্ত

author-image
Asomiya Pratidin
New Update
দুদিনীয়া ভৈৰৱপুৰ আঞ্চলিক বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অধিৱেশনৰ অন্ত

ডিজিটেল সংবাদ,চিলাপথাৰ : দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰৰ ভৈৰৱপুৰ আঞ্চলিক বঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখনি দেওবাৰে নিশা সামৰণি পৰে। পতাকা উত্তোলন, ছহিদ তৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ সন্ধিয়া অনুষ্ঠিত হয় মুকলি সভা।

Advertisment

মুকলি সভাত হিন্দু বঙালীসকলৰ জলন্ত-সমস্যা ডি ভোটাৰ, বিদেশী সমস্যা, ডিটেনচন কেম্পৰ সমস্যা, ভূমি পট্টা প্ৰদান, আধাৰ কাৰ্ডৰ সমস্যাসমূহ সন্দৰ্ভত কেতবোৰ আলোচনা কৰা হয়। আলোচনা মৰ্মে অহা ৬ মাহৰ ভিতৰত বিজেপি চৰকাৰে সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সকীয়নি দিয়ে।

লগতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বঙালী ৰাইজে বিকল্প চিন্তা চৰ্চা কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে ফেডাৰেশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক অজিতে দেৱ নাথে। ইফালে সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী মুকুট মৰাণ-পিহু দে'ই আগবঢ়োৱা গীতৰ শৰাইৰে প্ৰতিকুল বতৰকো নেওচি পুৱতি নিশালৈকে উপস্থিত থকা হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।

অনুষ্ঠানত অঞ্চলটোৰ স্থানীয় দল সংগঠনৰ লগতে বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

silapathar