/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/901e3d08-37b6-4238-a99f-f6be511e871f/2.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ শনিবাৰৰ পৰা চিলাপথাৰত আৰম্ভ হ'ল সোণোৱাল কছাৰীসকলৰ আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাইথ' পূজাৰ ৰূপালী জয়ন্তী সমাৰোহ। চিলাপথাৰ ২ নং চিলাগাঁও সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজিত পূজাৰ কাৰ্যসুচী অনুসৰি পূজাৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষত বাইথ' মন্দিৰত ২৫ গছি বন্তি প্ৰজ্বলন কৰাৰ পিছতে মূল তোৰণ উন্মোচন, বৃক্ষ ৰোপন আৰু অঞ্চলটোৰ ২৫ জন গণমান্য ব্যক্তিয়ে উত্তোলন কৰে ২৫খনকৈ পতাকা।
দুপৰীয়া সোণোৱাল কছাৰী জনোগোষ্ঠীৰ কেইবাজনো বৰেণ্য ব্যক্তিৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি সম্পন্ন কৰে স্মৃতি তৰ্পণ কাৰ্যসূচী। ইয়াৰ পাছতে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা।
বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত পূজাৰ দ্বিতীয় দিনা অনুষ্ঠিত হ'ব বহু গুৰুত্বপূৰ্ণ বিষয়কলৈ মনোজ্ঞ আলোনাচনা চক্ৰ আৰু জনজাতীয় জাতিটোৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগীতা।
সোণোৱাল কছাৰীসকলৰ পূজাসমূহৰ অন্যতম বাইথ' পূজাৰ অন্তিম দিনটোত কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ সংস্কৃতিক মন্ত্ৰী বিমল বৰা, সোণোৱাল কাছাৰী পৰিষদৰ বিষয়ববীয়া লগতে বহু বিশিষ্ট ব্যক্তি, সংগঠনৰ নেতা বিশেষ অভ্যাগত হিচাপে উপস্থিত থাকিব। সোণোৱাল কছাৰীসকলৰ এই পবিত্ৰ পূজা সফল কৰি তুলিবলৈ সকলোৰে উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।
Also Read: শোণিতপুৰ, বিশ্বনাথৰ ৪১ খন গাওঁ আনুষ্ঠানিকভাবে বিটিআৰত অন্তৰ্ভুক্তি...