ডিজিটিল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ কৃষি, পশুপালন, মৎস্য পালন, ৰেচম শিল্প আদিৰ সৈতে জড়িত কৃষক, মহিলা আৰু উদ্যোগী যুৱক-যুৱতীসকলৰ এক বিশেষ মঞ্চ তৈয়াৰ কৰি এখন স্বাৱলম্বী ধেমাজি গঢ়াৰ সংকল্পৰে ১০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ ধেমাজি জিলা প্ৰশাসন,ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আত্মনিৰ্ভৰ ধেমাজিৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত “আত্মনিৰ্ভৰ ধেমাজি” আয়োজন কৰা হৈছে ৷
জিলাখনৰ মুঠ ১৪৫ খন বিপনীয়ে অংশগ্ৰহণ কৰিবলগীয়া “আত্মনিৰ্ভৰ ধেমাজি” কাৰ্য্যসূচীৰ প্ৰথম দিনা পুৱা ১০.৩০ বজাত আত্মনিৰ্ভৰ ধেমাজিৰ দ্বাৰ মুকলি আৰু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ পুৱা ১১.৩০ বজাৰ পৰা বিভিন্ন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ লগতে শাক-পাচলি,ফুল আৰু ফল-মূল প্ৰতিযোগিতা আৰু পৰম্পৰাগত পিঠা-পনা প্ৰতিযোগিতাৰ অনুষ্ঠিত হ'ব ৷
বিয়লি ১.৩০ বজাৰ পৰা ৩.৩০ বজাৰলৈ কৃষকৰ কথাৰে প্ৰগতিশীল কৃষকৰ সৈতে মত বিনিময় অনুষ্ঠান ৷ তাৰ পাছত বিয়লি ৪ বজাৰ পৰা নিশা ৮ .৩০ বজাৰলৈ অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব 'মোহন' খ্যাত দ্বিপজ্যোতি কেওটে।
দ্বিতীয় দিনা পুৱা ৯ বজাৰ পৰা ১১ বজালৈ পোহনীয়া কুকুৰ আৰু মেকুৰী প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ পাছত পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজাৰলৈ জিলাখনৰ মীন খণ্ডৰ বহনক্ষন উৎপাদনৰে কৃষকৰ আয় বৃদ্ধি-পথ দৰ্শন বিষয়লৈ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব ৷
বিয়লি ২.০০ পৰা ৪.০০ বজালৈকে পৰ্যটনৰ সম্ভাৱনীয়তাৰে ধেমাজি দৰ্শন সম্পৰ্কে আলোচনাচক্ৰ অনুষ্ঠিত হ'ব ৷ বিয়লি ৪.০০ পৰা নিশা ৮.৩০ বজালৈকে অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলী দাসে গীত পৰিবেশন কৰিব।
শেষৰ দিনা পুৱা ৯ পৰা ১১ বজালৈকে কৃত্ৰিম প্ৰজননেৰে জন্ম হোৱা উন্নত জাতৰ গৰু আৰু পোৱালীৰ
প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ পুৱা ১১.৩০ পৰা বিয়লি ২.৩০ বজালৈকে পশুপালন খণ্ডত
উদ্যোগীকৰণ সম্ভাৱনীয়তা আৰু উদ্যোমীতা সম্পৰ্কে আলোচনাচক্ৰ অনুষ্ঠিত হ'ব ৷
বিয়লি ৪.০০ পৰা ৰাতি নিশা ৮.৩০ বজালৈকে অনুষ্ঠিত হ'বলগা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয়
কণ্ঠশিল্পী কুসুম কৈলাশে গীত পৰিবেশন কৰিব।