/asomiyapratidin/media/media_files/2025/01/10/o1XRZ3abDoiMBmwDaXwW.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ 'এখন স্বাৱলম্বী ধেমাজি গঢ়াৰ সংকল্পৰে কৃষকসকলক পোনপটীয়াকৈ এখন বজাৰ উপলব্ধ কৰোৱাৰ লগতে আধুনিক কৃষি প্ৰযুক্তিৰ সৈতে চিনাকী কৰোৱাৰ উপৰিও বিভিন্ন চৰকাৰী সুবিধা আৰু আচঁনিৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্য ধেমাজি জিলা প্ৰশাসন, ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আত্মনিৰ্ভৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত শুকুৰবাৰৰ
পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা “ আত্মনিৰ্ভৰ ধেমাজি” আৰম্ভ হৈছে ৷
শুকুৰবাৰে প্ৰথম দিনা পুৱা ১১ বজাত আনুষ্ঠানিকভাৱে ফিটা কাটি অনুষ্ঠানৰ মূল দ্বাৰ মুকলি কৰে লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই ৷ ইয়াৰ লগে লগেই সাংসদগৰাকীৰ লগতে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতোপন নেওগ, জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, সোণোৱাল কাছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, জ্যেষ্ঠ বিজ্ঞানী তথা কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ মুৰব্বী ড° গুঞ্জন গগৈৰ প্ৰমুখ্যে বিষয়ববীয়া সকলে আত্মসহায়ক গোটৰ মণ্ডপ, প্ৰযুক্তি প্ৰদৰ্শনী মণ্ডপ, পৰম্পৰাগত খাদ্য মেলা, কৃষকৰ মণ্ডপ, পশুপালনৰ মণ্ডপ আদি বিভিন্ন মণ্ডপসমূহ উদঘাটন কৰি পৰিদৰ্শন কৰে ৷
/asomiyapratidin/media/media_files/2025/01/10/t45MwyoqShxrXCoZvkRN.jpeg)
দুপৰীয়া ১২ বজাত বিভিন্ন জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ পিছতেই বিয়লি ১২.৩০ বজাত “আত্মনিৰ্ভৰ ধেমাজি”ৰ আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়৷ জ্যেষ্ঠ বিজ্ঞানী ও মুৰব্বী কৃষি বিজ্ঞান কেন্দ্ৰৰ ধেমাজিৰ ড° গুঞ্জন গগৈয়ে আতঁ অনুষ্ঠানত আদৰণি ভাষণ দিয়ে লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই ৷ আদৰণি ভাষণত সাংসদ বৰুৱাই সকলোকে সহযোগিতা কৰি “আত্মনিৰ্ভৰ ধেমাজি” সফল কৰি তুলিবলৈ আহবান জনায় ৷
অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ , আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, ধেমাজি পৌৰসভাৰ পৌৰপতি দ্বীপৰেখা দাস বাঘ্ৰী, সোণোৱাল কছাৰী স্বায়ত্বা শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, জিলা বিজেপিৰ সভাপতি ৰূপা কামান, ৰাজ্যিক বিজেপিৰ সদস্য গোবিন শইকীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতোপন নেওগ, অসম চৰকাৰৰ অনুসূচিত উন্নয়ন পৰিষদৰ উপাধ্যক্ষ লক্ষীধৰ শেনচোৱা, মিছিং স্বায়ত্ব শাসিত পৰিষদৰ হৰিপ্ৰসাদ মিলিকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে উপস্থিত থাকে ৷
/asomiyapratidin/media/media_files/2025/01/10/RqamU8BM2n5nBDZXiV4d.jpeg)
বিয়লি ১ বজাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কৃষি সামগ্ৰীৰ ৰপ্তানিৰ সম্ভাৱনীয়তা আৰু প্ৰয়োজনীয় মানদণ্ড, মৌ পালনেৰে আত্মনিয়োগৰ সম্ভাৱনা, ধেমাজি জিলাৰ দৃষ্টিকোণত কৃষি পৰ্যটনৰ সুবিধাসমূহ, বহনক্ষম গ্ৰাম্য উন্নয়নৰ বাবে কৃষি প্ৰযুক্তিৰ প্ৰয়োগ আৰু কৃষি ব্যৱসায়ত জি আই টেগৰ ব্যৱহাৰ সম্পৰ্কে বক্তব্য ৰাখে কিয়গা এমিম প্ৰাঃলিঃ গুৱাহাটীৰ অধ্যক্ষ কৌশিক বৰুৱা, চি.কে উদ্যোগ যোৰহাটৰ
লীলাচৰণ দত্ত, জখলাবন্ধাৰ মৌপালক দাৰা চৌহান, যোৰহাটৰ চি এছ আই আৰ নেৰিষ্টৰ জ্যেষ্ঠ মুখ্য বিজ্ঞানী দ্বয় ড° মন্টু ভুঞা আৰু ড° দ্বিপুল কলিতা, ধেমাজিৰ প্ৰগতিশীল কৃষকদ্বয় ভৱেন শালৈ আৰু বিশ্বজিৎ গয়াৰীয়ে ৷
/asomiyapratidin/media/media_files/2025/01/10/y92Ajcta3Y0roqEWqVEH.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us