৯ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ বিদ্যা দ্য লিভিং স্কুলত অসম ভিত্তিত চুটি নাট সমাৰোহ আৰু প্ৰতিযোগিতা...

এই ব্যতিক্ৰমী নাট সমাৰোহৰ জৰিয়কে শিক্ষাৰ্থীয়ে লাভ কৰিব জীৱনৰ শিক্ষা

author-image
Asomiya Pratidin
New Update
৯ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ বিদ্যা দ্য লিভিং স্কুলত অসম ভিত্তিত চুটি নাট সমাৰোহ আৰু প্ৰতিযোগিতা...

৯ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ বিদ্যা দ্য লিভিং স্কুলত অসম ভিত্তিত চুটি নাট সমাৰোহ আৰু প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ অন্তৰ্গত অসম-অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চল সুবাহী লাই পুলিয়াত অৱস্থি ব্যক্তিগত শিক্ষানুষ্ঠান বিদ্যা: দ্য লিভিং স্কুলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে আন্তঃ বিদ্যালয় চুটি নাট সমাৰোহ আৰু প্ৰতিযোগিতা।

Advertisment

অসম নাট্য সন্মিলনৰ ধেমাজি শাখা, ধেমাজি জিলা মইনা পাৰিজাত, ধেমাজি জিলা অধিবিদ্যা পৰিষদ, উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থা, ধেমাজি হাইস্কুল শিক্ষক সংস্থা, ধেমাজি জিলা মধ্য ইংৰাজী শিক্ষক সংস্থা, ধেমাজি মেকবেথ ড্রামা, সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণি একাংক নাট প্রতিযোগিতা স্থায়ী সমিতি আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহযোগত অহা ৯, ১০ আৰু ১১ নৱেম্বৰত তিনিদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীৰে সদৌ অসম ভিত্তিত বিদ্যা দ্য লিভিং স্কুলত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাক লৈ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে।

বিদ্যা দ্য লিভিং স্কুলৰ অবৈতনিক সঞ্চালক প্ৰধান ড° প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰি জনায় যে, ছাত্র-ছাত্ৰীসকলক পুঁথিগত শিক্ষাৰ উপৰিও নাট্য অভিনয়ৰ জৰিয়তে তেওঁলোকে জীৱনৰ শিক্ষা লোৱাৰ উদ্দেশ্যেৰে এই প্ৰতিযোগিতা তথা সমাৰোহ অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত ছাত্র-ছাত্রীসকলে নিজে লিখা, পৰিচালনা কৰা, অভিনয় কৰা নাটক মঞ্চায়ন হ'ব।

কেৱল নাট মঞ্চস্থই নহয় এই অনুষ্ঠানৰ যোগেদি বিদ্যা দ্য লিভিং স্কুলৰ প্ৰাকৃতিক পৰিবেশত দুই-তিনিদিন থাকি, ভাৱৰ আদান-প্রদান কৰিব। শিক্ষাৰ্থীসকলে বৌদ্ধিক-সাংস্কৃতিক কচৰৎ কৰিব, লাইব্রেৰীত পঢ়িব, ট্রেকিং কৰিব। একেলগে খেতি, ক্ষুদ্র উদ্যোগ আদিত কাম কৰিব। তেওঁলোকে নাটক কৰিব, নাটক চাব, কথা পাতিব, দুই তিনিটা প্ৰেৰণাদায়ক বক্তৃতা শুনাৰ উপৰিও বিদ্যা দ্য লিভিং স্কুলৰ ছাত্র-ছাত্রীসকলৰ সৈতে একেলগে এদিন বা দুদিনৰ কাৰণে ৱাটাৰ মেডিটেশ্যনত ভাগ ল'ব।

উল্লেখ্য যে, ছাত্ৰ -ছাত্ৰীসকলে পুৰস্কাৰ হিচাপে তেওঁলোকে গ্রন্থ, বিদ্যা দ্য লিভিং স্কুলত উৎপাদিত সামগ্রী, প্রশংসা পত্র, ট্ৰফী, স্মৃতিফলক, প্ৰমান পত্ৰ,স্মৃতি গ্ৰন্থ আৰু নগদ ধন লাভ কৰিব। অনুষ্ঠানটোৰ জৰিয়তে অসমৰ চৰকাৰী -বেচৰকাৰী নিৰ্বিশেষে সকলো বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰী লগ হৈ ভাৱৰ আদান প্ৰদানৰ লগতে বৌদ্ধিক কচৰৎ কৰিব পৰা একমাত্ৰ অনুষ্ঠান হ'ব ৷

Also Read: আই পি এলৰ আৰ্হিত প্ৰথমবাৰৰ বাবে যোৰহাট প্ৰীমিয়াৰ লীগঃ জাৰ্চি উন্মোচন...

বিদ্যা দ্য লিভিং স্কুল নাট সমাৰোহ