অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ধেমাজি জিলা বৈদিক সনাতন সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ

আজিৰে পৰা তিনিদিনীয়াকৈ এৰাঢলৰ বৰগাওঁ মোহন দাস ক্ষেত্ৰত অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত ধেমাজি জিলা বৈদিক সনাতন সমাজৰ ৫৬ সংখ্যক অধিৱেশনখনি আৰম্ভ হৈছে৷

author-image
Asomiya Pratidin
New Update
অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ধেমাজি জিলা বৈদিক সনাতন সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ

ডিজিটিল সংবাদ, ধেমাজিঃ আজিৰে পৰা তিনিদিনীয়াকৈ এৰাঢল আঞ্চলিক সমিতিৰ সৌজন্যত এৰাঢলৰ বৰগাওঁ মোহন দাস ক্ষেত্ৰত অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত ধেমাজি জিলা বৈদিক সনাতন সমাজৰ ৫৬ সংখ্যক অধিৱেশনখনি আৰম্ভ হৈছে৷ আজি প্ৰথম দিনা পুৱা ৬ বজাত সৰুকন সোণোৱালৰ নেতৃত্বত পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে৷

Advertisment

পুৱা ৭ বজাত জিলা আৰু আঞ্চলিকৰ বিষয়া-ববীয়াসকলৰ সৈতে মুখ্য হিচাপে ধৰ্মধ্বজা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি প্ৰবীন গগৈয়ে৷ পুৱা ৭.৩০ বজাত স্মৃতি তৰ্পণ কাৰ্য্যসূচী সমাপন কৰে জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি দীনেশ গোস্বামীয়ে৷

পুৱা ৮ বজাত বৃক্ষ ৰোপণ কাৰ্য্যসূচী সমাপন কৰে আঞ্চলিক সমিতিৰ সভাপতি গোবিন সোণোৱালে৷ পুৱা ৮.৩০ বজাত জ্যেষ্ঠ ভকত বৈষ্ণৱ আৰু আইসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়৷ পুৱা ৯ বজাত মাখন সোণোৱালৰ নেতৃত্বত শৰাই স্থাপন আৰু নাম প্ৰসংগ অনুষ্ঠান অনুষ্ঠিত হয়।

পুৱা ১০ বজাত থুলেশ্বৰ বৰাৰ প্ৰমুখ্যে কেইগৰাকীৰ নেতৃত্বত অনুষ্ঠিত হয় ভাগৱত পাঠ৷ পুৱা ১০.৩০ বজাত কুমুদ শৰ্মা, দিগন্ত বৰঠাকুৰ আৰু দেৱ কুমাৰ সোনোৱালৰ পুৰোহিতসকলৰ তত্বাবধানত শ্ৰীশ্ৰী বিষ্ণু যজ্ঞ অনুষ্ঠান৷ দুপৰীয়া ১২ বজাত অনুষ্ঠিত হয় ভৱানী বৰাই উদ্বোধন কৰা ভাগৱত শোভাযাত্ৰাই বৰগাওঁ চিনাইচুক আৰু বাপুচাং হৈ পুনৰ অধিৱেশন থলিলৈকে ভক্তপ্ৰাণ লোকসকলে শোভাযাত্ৰা কৰে৷ 

বিয়লি ২ বজাত ত্ৰিবেনী তীৰ্থ মহিলা সমিতিৰ দ্বাৰা “ গৃহস্থী আশ্ৰমত নাৰীয়ে মূল্যবোধেৰে সমাজ সুস্থও সৱলীকৰণত, কৰণীয় আৰু পালনীয় দিশ সমূহ” শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয়৷কৰবী দেউৰীয়ে উদ্বোধন কৰা আৰু পুষ্পা বৰুৱা চেতিয়াই সঞ্চালনা কৰা আলোচনাচক্ৰত আলোচক হিচাপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ডিম্বেশ্বৰী গগৈ, ভোগেশ্বৰী হাজৰিকা আৰু প্ৰণতি দেৱী৷ 


বিয়লি ৩ বজাত উদযাপন সমিতিৰ সভাপতি ডিম্বেশ্বৰ সোণোৱালে প্ৰতিনিধি সভা উদ্বোধন কৰাৰ পিছতেই সন্ধিয়া ৫ বজাত গোবিন ডেকা বৰুৱা সোঁৱৰণি মঞ্চৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিত ভট্টই৷ ইফালে আজি প্ৰথম দিনাই সম্পূৰ্ণ ধৰ্মীয় বৈদিক ৰীতি নীতিৰে অধিৱেশনত মুঠ ২০ খনকৈ বিবাহ সম্পূৰ্ণ হয়৷

সন্ধিয়া ৭ বজালৈ অনিল শৰ্মা, ৰূপজ্যেতি দত্ত আৰু বাবুল বৰাৰ পৰিচালনাত বৰগীত, সত্ৰীয়া নৃত্য, দশৱতাৰ নৃত্য আৰু ভূৰতাল নৃত্যৰ অনুষ্ঠানেৰে প্ৰথমদিনাৰ সকলো কাৰ্যসূচী সামৰণি পৰে৷ অহা কাইলৈ পুৱা ৫ বজাত এৰাঢল আঞ্চলিকৰ ভকত বৈষ্ণৱসকলৰ দ্বাৰা পৰিৱেশ নিকাকৰনৰে অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্য্যসূচী শুভাৰম্ভণি কৰিব ৷

ধেমাজি