/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-30/znt4sfdo/AP FOR WEB dhemaji.jpg)
ডিজিটিল সংবাদ ,ধেমাজি : গাই নৈৰ কেৰেকনিৰ পৰা আমগুৰি লোকনিৰ্মান বিভাগৰ দলঙলৈকে যোৱা মথাউৰিটো শীঘ্ৰেই নিৰ্মাণৰ দাবীত শুক্ৰবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে বিক্ষোভ প্ৰদৰ্শন কৰে। ধেমাজি জিলা সমিতিৰ উদ্যোগত প্ৰায় ডেৰ শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ ,পোষ্টাৰ প্লে'কাৰ্ড লৈ ধেমাজি তিনি আলিৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি ধেমাজি জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকা প্ৰতিকৃতি দাহ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-30/u5u1ul6z/12712e4f-161e-43f9-a69d-6fd787cec1b0.jpg)
ইফালে এই প্ৰতিবাদস্থলীতে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল চুতীয়াই চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰিলে আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে ৷ শেষত জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেন দিহিঙ্গীয়াই স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে মন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-30/530112m9/dbd5ae58-b14d-4711-950c-e35f56370c36.jpg)
Also Read: ৰেওৰেওৱা নাৰ্জীহাৰীক পদৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত বিজেপিৰ দলগত সিদ্ধান্ত : ৰৌণগৌৰা নাৰ্জাৰী