/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e810e1cc-cd9b-4e5f-92dc-f879015b7b44/348.jpg)
ডিজিটেল সংবাদ,ধেমাজি : বিভিন্ন সময়ত চৰকাৰে জনসাধাৰণৰ বাবে আগবঢ়াই অহা কল্যাণমূলক আচঁনিসমূহৰ সুফল যাতে সকলো স্তৰৰ মানুহে সঠিকভাৱে পোৱা লগতে ৰাইজক আচঁনিৰ সমূহৰ বিষয়ে সজাক কৰা উদ্দেশ্য দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। এই কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে ধেমাজি জিলাৰ ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত জীয়াঢল গাঁওপঞ্চায়তত এক কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8c5f9125-4c99-467b-97fb-e2e2555d976f/f051aedc_7177_415f_96f9_24e45696a739.jpg)
অনুষ্ঠানত পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ যুটীয়া সচিব অনুৰাগ বাজপেয়ী ৷ পৰ্য্যবেক্ষকগৰাকীয়ে অনুষ্ঠানত উপস্থিত হৈ হিতাধিকাৰীসকলৰ সৈতে মতবিনিয় কৰি বক্তব্যত কল্যাণমূলক আঁচনিসমূহৰ সুফল প্ৰত্যেকখন জিলাৰ প্ৰতিটো গাওঁৰ প্ৰতিটো পৰিয়ালৰ লগতে সকলো স্তৰৰ মানুহে যাতে আঁচনি সমূহৰ বিষয়ে অৱগত হ'ব পাৰে সেই সন্দৰ্ভত ব্যক্ত প্ৰদান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7bceb6d2-1e50-4aa7-aaf9-62dc7569a9aa/1a7b7c3c_cfef_4013_8e4e_f8071152f0b8.jpg)
সভাত পৰ্য্যবেক্ষকগৰাকীয়ে হিতাধিকাৰীসকলৰ মাজত আয়ুষ্মান কাৰ্ড,যক্ষ্মা ৰোগত আক্ৰান্ত হৈ সুস্থ হৈ উঠা ৰোগীক সম্বৰ্ধনা আৰু স্বাস্থ্যৱান শিশুসকলক পুৰস্কৃত কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে জিলাখনত চলি থকা সকলো আচঁনি নিখুঁত আৰু এক শতাংশ পূৰ্ণতা প্ৰদানৰ প্ৰতিশ্ৰুতি কৰি ৰাইজৰ সহযোগিতা কামনা কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/975c596f-0ce9-43ad-b1e3-8299ef570fdc/4250b0e4_30dd_444a_9283_b70136a40d26.jpg)
অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয় ৷ এই কাৰ্য্যসূচীত জিলা আয়ুক্ত , জিলা উন্নয়ন আয়ুক্ত বিশ্বজ্যোতি ফুকন,জিলা পৰিষদৰ মুখ্যকাৰ্য্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা,ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ,ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ,অতিৰিক্ত আয়ুক্ত প্ৰীতি ৰেখা গগৈ,ধেমাজি ৰাজহ চক্ৰ বিষয়া প্ৰমুখ্যেকে ধেমাজি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4b9d5d91-2550-4b25-988c-385835fd58d1/19badc84_454c_415b_8409_e18bc7efe63e.jpg)
Also Read: ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে নাৱাৰ্ডৰ ১৭কোটি আবন্টন