চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ আন এক সাফল্য...

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ আন এক সাফল্য...

ডিজিটেল সংবাদ, চিলাপথাৰঃ বিভিন্ন ব্যতিক্ৰমী কৰ্মসূচীৰে সদায় চৰ্চিত হৈ থকা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত এইবাৰ পৰীক্ষাৰ ফলাফলতো দেখা গ'ল ব্যতিক্ৰম। সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা প্ৰত্যাশিত ফলাফলে ৰাইজক উৎফুল্লিত কৰি তুলিছে।

এইবাৰ মহাবিদ্যালয় খনৰ পৰা পৰীক্ষাত অৱত্তীৰ্ণ হোৱা মুঠ ২৬৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৫৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ শতকৰা হাৰ ৯৫.১৩ % । ইয়াৰে এ + গ্ৰেড ৬ জনে, এ গ্ৰেড ৬৫ জনে‌, বি+গ্ৰেড ২৮ জনে আৰু বি গ্ৰেড ১৫৬ জনে পাবলৈ সক্ষম হয়।

চলিত বছৰটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ ভিতৰত বিজ্ঞান শাখাত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা সৰ্বাধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হয় । লক্ষ্যনীয় বিষয় যে, বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়লৈ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদে চমুকৈ "নাকৰ" দলে পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত অনুষ্ঠানখনৰ সৰ্বদিশতে আশানুৰূপ ছবি প্ৰত্যক্ষ কৰি সন্তোষ প্ৰকাশ কৰাৰ লগতে চাই B+( CGPA 2.70" ) গ্ৰেড প্ৰদান কৰে ।

আজি ঘোষিত স্নাতক চূড়ান্ত বৰ্ষৰ ফলাফলত মহাবিদ্যালয়ৰ পৰীক্ষাৰ্থীৰ কৃতিত্বৰ বাবে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ লগতে চিলাপথাৰবাসী ৰাইজ উৎফুল্লিত হয় । ইয়াৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত শইকীয়াই সমূহ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকললৈ অভিনন্দন জনাইছে।

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ আন এক সাফল্য...
ভাৰতৰ বিভিন্ন চহৰত উপলব্ধ হ'ব লণ্ডন কফি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in