চিলাপথাৰত জনগোষ্ঠীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ...

মহিলাৰ শ্লীলতাহানি কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হোৱা যুৱকজন হৈছে এটা জনগোষ্ঠীয় সংগঠনৰ আঞ্চলিক সভাপতি

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত জনগোষ্ঠীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ...

ডিজিটেল সংবাদ,চিলাপথাৰ : অসামাজিক কাৰ্য্য সংঘটিত কৰিবলৈ গৈ ৰাইজৰ লপাথপাৰ সম্মুখীন হ'ল চিচিবৰগাঁওৰ এজন যুৱক। মহিলাৰ শ্লীলতাহানি কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হোৱা যুৱকজন হৈছে এটা জনগোষ্ঠীয় সংগঠনৰ আঞ্চলিক সভাপতি।

Advertisment

এই ঘটনাটো সংঘটিত হৈছে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিচিবৰগাঁৱত। ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে স্থানীয় আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

এজাহৰত উল্লেখ কৰিছে যে চিচিবৰগাঁও চৌখামটিং গাঁৱৰ উৎপল ওৰফে বগাধৰ গগৈয়ে (২৫) যোৱা ২০ ছেপ্টেম্বৰৰ নিশা প্ৰায় ৯:৩০ বজাত চিচিবৰগাঁৱৰে এঘৰত গৈ হঠাৎ প্ৰৱেশ কৰে। স্বামীৰ অনুপস্থিতিৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণ কৰে এগৰাকী মহিলাক।

ঘটনাৰ খবৰ পাই অঞ্চলজুৰি আৰম্ভ হয় হুলস্থুলিয়া পৰিবেশৰ। ইয়াৰ পাছতে লম্পট যুৱকজনে ৰাইজৰ ৰোষৰ পৰা ৰক্ষা পাবলৈ শৌচাগাৰত প্ৰবেশ কৰ যদিও মুহুৰ্ততে স্থানীয় ৰাইজ উপস্থিত হৈ কৰায়ত্ব কৰে যুৱকজনক।

উত্তেজিত ৰাইজে লম্পট যুৱকজনক ধৰি-বান্ধি বাৰুকৈয়ে লপাথপা শোধায়। তাৰোপৰি ঔকিল শোধাই যুৱকজনক লেবেজান অৱস্থাত চিচিবৰগাওঁ আৰক্ষী চকীত চমজাই দিয়ে। ধৃত যুৱকজন জনগোষ্ঠীয় সংগঠনৰ চিচিবৰগাঁও আঞ্চলিকৰ সভাপতি আছিল বুলি জানিব পৰা গৈছে।

Also Read: চিলাপথাৰত বা:তাগ সমাৰোহ

Harassment of Women silapathar Assam police