/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/00af198c-1a22-4aff-8b55-3b409d8f0f28/162.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত জিলা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহেৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e754662f-71ef-4467-ad8f-716cde741c67/61b41278_4641_4474_b4dc_c62cf42003d4.jpg)
অসম চৰকাৰৰ শিক্ষা বিভাগে ১ জনীয়া শিক্ষক আৰু ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ কৰিবলৈ হোৱা হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, পুত্তলিকা দাহৰ পূৰ্বে দুপৰীয়া প্ৰায় ২ -৩০ বজাত ধেমাজি থানা তিনি আলিৰ ছাত্ৰ সন্থাৰ শ্বহীদ বেদীৰ সমীপৰ পৰা শতাধিক কৰ্মীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ পুত্তলিকা চোচঁৰাই প্ৰতিবাদী সমদল কৰি ৰাজপথৰে আহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b0007f1d-9388-4231-8d09-9f0fe613cd67/251df8b7_f1f3_4319_9e7e_3ecf32aaa435.jpg)
প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সমুখত মুখ্যমন্ত্ৰীৰ কাম নাই,বিজেপি চৰকাৰ লেই-লেই, ছেই-ছেই, শিক্ষামন্ত্ৰী ৰনোজ পেগু গ'বেক,শিক্ষামন্ত্ৰী ৰনোজ পেগু মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
Also Read: চিৰাঙত বেদখলকাৰীৰ বিৰুদ্ধে বন বিভাগ-আৰক্ষীৰ উচ্ছেদ অভিযান